Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
তীর্থক্ষ
   

তীর্থক্ষ‍েত্ৰ ঢেঁকীয়াখোৱা বৰনামঘৰৰ ইতিবৃত্ত
চৰিতপুথি তথা প্ৰবাদ অনুযায়ী
 

শ্ৰীশ্ৰীশঙ্কৰদেৱ গুৰুজনাৰ লগত শ্ৰীশ্ৰীমাধৱদেৱ মহাপুৰুষ মিলন হ’লত অসমত মহাপুৰুষীয়া ভাগৱতী বৈষ্ণৱ ধর্মপ্ৰচাৰৰ বল অনেক গুণে বাঢি়বলৈ‍ ধৰিলে৷ শ্ৰীশ্ৰীমাধৱদেৱ শ্ৰীশ্ৰীশঙ্কৰদেৱ গুৰুজনাৰ লগত শাস্ত্ৰীয় যুক্তি তর্কত পৰাজয় বৰণ কৰি গুৰুজনাৰ মতত একমত হৈ তেৰাক গুৰু মানি শুদ্ধ, সত্ব, একশৰণীয় নির্মল ভাগৱতী ধর্ম গ্ৰহণ কৰিলে৷ গুৰুজনাৰ সঙ্গ কৰি এই মহাপুৰুষ জনাই জোৰোণ পিন্ধোৱা কন্যাকো পৰিত্যাগ কৰি চিৰকুমাৰ ব্ৰত ধৰি ধর্ম চর্চা আৰু প্ৰচাৰতেই জীৱন উৎসর্গা কৰিলে৷ শ্ৰীশ্ৰীশঙ্কৰ গুৰুৱে শ্ৰীশ্ৰীমাধৱদেৱ পুৰুষক লাভ কৰি এই মহাপুৰুষজনাৰ ভক্তিপ্ৰেমত আপ্লুত হৈ কৈছিল, “বঢ়াৰ পো, তোমাক পাই মই সম্পূর্ণ হ’লো৷”

 

                শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ মিলনৰ পাছতে শঙ্কৰদেৱে তেৰাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ আৰু জোঁৱায়েক হৰিজোঁৱাইকে আদি কৰি ভক্তসকলৰ সৈতে ধর্ম প্ৰচাৰ কৰি থাকোঁ তে তেখেতসকলৰ বিৰোধী লোকসকলে সেই সময়ৰ অসমৰ ৰজাক নানা লগনীয়া কথা লগাবলৈ ধৰিলে৷ ৰজাইও লগনীয়া কথা শুনি এই মহাপুৰুষ দুজনাক ভক্তসকলেৰে সৈতে হাতী অহা পটিত আগচা পাল ৰাখিবলৈ দিলে৷ ৰজাৰ হুকুম মানিবই লাগিব৷ নহলে উপায় নাই৷ দুজনা মহাপুৰুষে ভক্তসকলেৰেসৈতে আলোচনা কৰি হাতীৰ পটিত পাল ৰাখিবলৈ ওলাই আহিল৷ কাম হাতত লৈ সকলোৱে একে ঠাইতে পাল ৰাখি আছে৷ সিফালৰ পৰা হাতী খেদিআহিছে৷ হাতীজাকৰ আগতে এটা বগা হাতী আহিছে৷ গুৰুজনাৰ চকুত পৰিল৷ গুৰুজনে ভক্তসকলক লে, “বাপুসকল, আমি যি ধর্ম বৰণ কৰিছো সেই ধর্ম বগা অর্থাৎ সত্য৷ আগত অহা হাতীটো বগা, গতিকে এৰি দিয়া হওক৷গুৰুৰ আজ্ঞা পাই ভক্তসকলেবাট এৰি দিলে৷ বগা হাতীটো গুচি ল৷ সেই সুযোগতে গুৰুজনাৰ বিদ্বেষী লোকসকলে পুনৰ গৈ নানা ধৰণে ৰজাক হাতীআগচা সকলৰ বিৰুদ্ধে লগালেগৈ৷ লগনীয়াৰ কথা শুনি ৰজা খঙত জ্বলি উঠিল আৰু শঙ্কৰদেৱক ধৰিনিবলৈ ৰাজচোৰাংচোৱাক আদেশ দিলে৷ ইফালে ভক্তসকলে আলোচনা কৰিগুৰুজনক লে, “বাপু কৃপালু গুৰু হাতী এৰি দিয়া ল৷ আমাক ৰজাই কি কৰে চিন নাই৷ গতিকে আজি ৰাতি আপুনি ভটিয়াই যাওক৷ আমি থাকোঁ৷ আমাক ৰজাই কি কৰে কৰিব৷গুৰুজনাই ভটিয়াই যাবলৈমান্তি নহয়৷ মাধৱদেৱ মহাপুৰুষে বোলে, “বাপ কৃপালু গুৰু, আপুনি জীৱিত থাকিলে বহুত কাম ব৷ আমি থাকিলে সিমান কাম নহ পাৰে, গতিকে আপোনাৰ চৰণত ধৰি মাতিছো আপুনি ভটিয়াই যাওক৷ আমিয়েই ৰজাৰ ওচৰলৈযাওঁ৷শঙ্কৰদেৱে ভক্তসকলৰ অনুৰোধক্ৰমে আন ভক্তসকলৰ সৈতে ভটিয়াই ল৷ পাছদিনা মহাপুৰুষ মাধৱদেৱ আৰু হৰিজোঁৱাইক ৰাজদূত আহি সুধিলে, “শঙ্কৰদেৱ লৈ?” তেখেতৰ বিষয়ে একো নেজানো৷বুলি মাধৱদেৱ আৰু হৰিজোঁৱায়ে লে৷ কথা শুনি এওেঁলাক দুজনকে ৰজাৰ ওচৰলৈলৈল৷ ৰজাই তেওেঁলাকৰ নাম, গ্ৰাম আৰু অঙহী-বঙহীৰ কথা সুধিলে৷ মাধৱেলে, “মহাৰাজ আমি বৈৰাগী মানুহ, বিয়া বাৰু কৰোৱা নাই আৰু আমাৰ কোনো নাই৷হৰিজোঁৱায়ে বোলে, “আমাৰ মাতৃ আৰু পত্নী আছে৷ৰজাই তেতিয়া লে এই বৈৰাগীটো কাটিলেকি , ইয়াৰ কাৰণে কোনো কান্দোতা নাই৷ গতিকে ইয়াক এৰি দি কান্দোতা থকাটোকে কাটগৈ বুলি ৰজাই কটোৱালক খঙেৰে আদেশ দিলে৷ কটোৱালেহৰিজোঁৱাইক কটা ঠাইলৈ নিয়াত হৰিজোঁৱায়ে মাধৱদেৱক লে, “বাপ, আমাৰ আয়ুস শেষ হৈছে, আমি যাম, অন্তিম সময়ত আমাক নেৰিব৷ নাম আমাক সুমৰণ কৰাৰ অন্তিম সময়তে যাতে আপোনাসৱৰ চৰণ নেপাহৰোঁ, ইয়াকে প্ৰার্থনা কৰিলো৷হৰিৰ কথা শুনি গুৰুজনে কটোৱালক কাবৌ কোকালি কৰি লে, “ককাইহঁত, মানুহ কেনেকৈ কাটে মই দেখা নাই সেই কাৰণে মোক মানুহ কটা ঠাইলৈ যাবলৈ দিয়া৷কটোৱাল বোলে, “মানুহ কটা আনে চাব নেপাই৷মহাপুৰুষে টানি ধৰাতহেযাবলৈ দিলে৷ মেচাগড়ৰ পুখুৰী পাৰৰ মানুহ কটা ঠাইলৈ নিলে৷ তেতিয়া হৰিজোঁৱায়ে কটোৱালক লে, “ককাইহঁত, অন্তিম সময়ত ইষ্টগুৰুক স্মৰণ কৰিবলৈ অলপ সময় দিয়া৷কটোৱালে বোলে, “কি কৰ বেগেতেকৰ বেছি সময় নোৱাৰো৷এই বুলিকোৱাত তেখেতে ঈশ্বৰক ধ্যান কৰিবলৈ ধৰিলে৷ ইফালে মহাপুৰুষেএটিগীত গাবলৈ ধৰিলে‍-

ভয়োভাই সাৱধান যাবে নাহি ছুটে প্ৰাণ৷

গোৱিন্দৰ ফৰমান নিকটে মিলাৱে জান৷

                এই গীত গাই শেষ লত তেখেতৰো কাম অন্ত ল৷ কটোৱালহঁতে‍ ‘ওহবুলি হাত জোকাৰি দিলে৷ কটোৱালেগাৰ জোৰেৰেডিঙিত ঘাপ মাৰি দিলে৷ একে ঘাপেই মূৰ চিগি, মূৰে উচ্চস্বৰে নাম লৈ মৃত্যু ল৷ কিন্তু আচৰিত যে কটাৰ পাছত তেজ নোলাল, বগা ধোঁৱা হৈ ওপৰলৈ উৰি ল৷ তৰোৱালত তেজৰ দাগ নালাগিল৷ মানুহ কটা চিন স্বৰূপে ৰজাক মানুহ কটা তৰোৱালৰ তেজৰ দাগ দেখুৱাব লাগে৷ এই কাণ্ড দেখি কটোৱালহঁতে আচৰিত হৈ ৰজাক জনালেগৈ, “মহাৰাজ, আমি আগেয়ে এনেকুৱা মানুহ কটা নাই৷ তেজ নোলাল, বগা ধোঁৱা হৈ উৰি যোৱা দেখিলো৷ কটা মূৰটোৱে জাপমাৰি গৈ ৰাম নাম লৈ মৰিল৷কটোৱালৰ কথা শুনি ৰজা আচৰিত ল৷ ইয়াৰ কাৰণ জানিবলৈ বিচাৰিলে৷ কটোৱালেকেনেকৈ মাধৱদেৱে গৈ গীত গাই হাত চাপৰি বাই নাচিছিল, সকলোবিলাক কথা ৰজাক লে৷ ৰজাই বোলেমই এতিয়া বুজিছো সি কিবা যাদু কৰিলে৷ সিহঁত বৰ যাদুকৰ মানুহ, তাকো বন্দী কৰি থ৷ৰজাৰ হুকুম শুনি মাধৱদেৱক ফাটেকত বন্দী কৰি লে৷

                মহাপুৰুষ মাধৱদেৱ ফাটেকত আছে, ভোকে পিয়াহে চকুত টোপনি নাই৷ পুৱতি নিশা মহাপুৰুষে এটি গীতৰ ৰাগ জুৰিলে৷ গীতৰ ৰাগ শুনি ৰজাই সাৰ পাই আচৰিত হৈ কিহে চিঞৰিছে বুলি দূতক সুধিলে, দূতে বোলেমহাৰাজ, বন্দী কৰি ৰখা মাধৱ বোলা মানুহটোৱে গীত গাইছে৷ৰজাই বোলে, “মহাৰাজ বন্দী কৰি ৰখা মাধৱ বোলা মানুহটোৱে গীত গাইছে৷ৰজাই বোলে, “ মানুহ নহয়, দেৱতাহে৷ থাকিলে মোৰ কিবা অমঙ্গল পাৰে৷ গতিকে ইয়াক যাবলৈ এৰি দেগৈ৷দূতে গৈ মাধৱপুৰষক ৰজাৰ হুকুম জনালেগৈ৷ তেৰাই দূতক লে, “আমি যাব নোৱাৰো৷ ৰজাৰ কোনো বিশ্বস নাই৷ আমাক এবাৰ মুক্তি দিছিল, আকৌ বন্দী কৰি লে৷ এতিয়া আকৌ আমি যাম, কোনোবাই কিবা লগাই দিব, আকৌ দণ্ড কৰিব৷ সেই কাৰণে আমি নাযাওঁ৷ ৰজাই নিজ হাতেৰে মুক্তি দিলেহে আমি যাব পাৰিম৷এই বুলি কোৱাত পুনৰ দূতে গৈ ৰজাক জনালেগৈ৷ দূতৰ কথা শুনি ৰজাই লে এওঁ কম মানুহ নহয়৷ এওঁক সন্মানেৰে বিদায় দিয়াহে ভাল ব৷ এইবুলি ৰজাই ধন-সোণ আদি নানা বস্তু লৈ গৈ মাধৱক মুকলি কৰি দিলে আৰু লেবস্তুখিনি লৈ এতিয়া আপুনি যাব পাৰে৷তেতিয়া মহাপুৰুষে লে, “আমি বৈৰাগী মানুহ, আমাৰ ধন-সোণৰ প্ৰয়োজন নাই, আমাক যে মুক্তি দিছে এয়ে অমাৰ যথেষ্ট হৈছে৷ আমিএতিয়া যাওঁ৷এইবুলিৰজাত বিদায় লৈ তেৰাই লঘোনে‍-ভোকে হাবি‍-জঙ্গল অতিক্ৰম কৰি গধূলি পৰত এই ঠাইত (বর্তমান যি ঠাইত বৰনামঘৰ আছে‍) উপস্থিত লহি৷

                এই ঠাইত দুজনা বুঢ়া-বুঢ়ী আছিল৷ তেখেতসকলে ভিক্ষা কৰি জীৱিকা নির্বাহ কৰিছিল৷ সেইদিনা তেওেঁলাকৰ গৃহত মাত্ৰ একঠা চাউলহে আছিল৷ গধূলি‍ পৰত এজন সুন্দৰ শ্ৰীমন্তপুৰুষক অতিথি স্বৰূপে পাই আনন্দত সীমা নোহোৱা হ’ল৷ ইফালে‍ খাবলৈয়ো দুজনৰ জোখাৰেহে আছে৷ সি যিকি নহওক দুয়ো লঘোনে থাকি অতিথি সেৱা কৰাৰ কথা চিন্তা কৰিলে৷ মহাপৰুষক গা তিয়াবৰ কাৰণে অনুৰোধ কৰিলে৷

     মহাপুৰুষে গা তিয়াবৰ মনেৰে ওচৰত থকা জানলৈ‍ গ’ল৷ এই জানটোৰ নাম আছিলে ‘হোলোঙা জান’৷ এই জানৰ পানীৰ দাঁতি‍লৈ এটা ডাঙৰ গছৰ মূঢ়া আছিল৷ তাতে বহি হাত-ভৰি‍ ধুই-পখালি তেৰাই গা তিয়ালে৷ এই মূঢ়াটো আজিও আছে৷ কেতিয়াবা নৈয়ে পলস পেলায় ঢাকি থয় আৰু কেতিয়াবা ওলায়৷ এই মূঢ়াটো গাঁৱৰ এজন বৃদ্ধলোকে উলিয়াবৰ মনেৰে খান্দি হাতীৰে টনাইও উলিয়াব নোৱাৰিছিল৷ পৰৱর্তীকালত নীতি‍-নিয়মেৰে খান্দাই বর্তমান মূঢ়াটো সংৰক্ষণ কৰি ৰখা হৈছে৷ এই মূঢ়াটোৰ প্ৰতি আজিও মানুহৰ ভক্তিভাৱ আছে৷ জনালোকে‍ ইয়াত কেনেবাকৈ ইয়াত ভৰি লাগিলে লগাজনৰ কিবা অপকাৰ হ’ব বুলি বিশ্বাস কৰে৷ “বিশ্বাসে বঢ়ায় ভক্তি তর্কে বহুদূৰ৷” এই মূঢ়াটো স্থানৰ অঙ্গ স্বৰূপ৷

     গুৰুজনাক গা ধুবৰ বাবে পঠিয়াই ক’লে “চাউল কঠা আছে৷ পাচলি নাই, এতিয়া পাচলিৰ বাবে কিবা কৰা যায়? বুঢ়াই ক’লে আমি লঘোণেই থাকি তেৰাক ঢেঁকীয়া পাচলি অলপকে আনি যোগাৰ কৰি দিয়া৷ তেখেত লঘোণে ভোকে আহিছে যেনেতেনে আহাৰ কৰক৷” বুঢ়াৰ কথামতে বুঢ়ীয়ে চাউল শাক-পাচলি সকলো দিহা কৰি দিলে৷ মহাপুৰুষেও গা তিয়াই আহি গুৰুসেৱা কৰি চাউল সিজালে৷ বুঢ়া-বুঢ়ীয়ে তেওঁলোকৰ নিমিত্তে একো যোগাৰ নকৰা দেখি তেৰাই ক’লে, “আমাৰ হৈছে, আপোনালোকৰ দেখোন যোগাৰ কৰা নাই?” বুঢ়াই ক’লে “বাপ আমাৰ ঘৰত চাউল নাই৷” এই কথাটো বুজি পাই বুঢ়া-বুঢ়ীক ক’লে “আপোনালোক দুয়ো গা তিয়াই আহক, আমি তিনিও আত্ম পৰিচয় হওঁ৷” মহাপুৰুষৰ কথামতে‍ বুঢ়া-বুঢ়ীয়ে লৰালৰিকৈ‍ গা তিয়াই আহিল আৰু গুৰুসেৱা কৰি গুৰুজনাৰ লগত আত্ম পৰিচয় হ’ল৷ বুঢ়া-বুঢ়ীয়ে সাক্ষাৎ ঈশ্বৰ বুলি বিশ্বাস কৰিলে৷ তেতিয়া মহাপুৰুষে ক’লে, “আপোনালোকে আমাৰ লগত চাউল ল’লে বেয়া হ’বনে?” তেখেতসকলে বোলে, “বেয়া নহয় কিন্তু চাউল মাত্ৰ আপোনাৰ বাবেহে দিয়া হৈছে৷ আপোনাৰ আধাপেটী হ’লে আমি একেবাৰে তল যাম, আপুনি‍ লঘোণীয়া মানুহ, আপুনিয়েই গ্ৰহণ কৰক৷” গুৰুজনে মিচিকিয়া হাঁহি মাৰি‍ ঢাকনি গুচাই দেখুৱাই ক’লে, “চাওকচোন ইমানখিনি অন্ন নুজুৰিবনে?” বুঢ়া-বুঢ়ীয়ে কাণ্ড দেখি অবাক হ’ল যে একঠা চাউলৰ যথেষ্ট ভাত হ’ল৷ তেখেতসকলে‍ ভাবিলে এখেত মানুহ নহয় স্বয়ং ঈশ্বৰহে৷ এইভাবে তেৰাক চাউল বাঢি়বলৈ‍ ক’লে৷ তেৰাই বাঢি়লে‍ আৰু চাউল তিনিও পৰম আনন্দেৰে ভোজন কৰিলে৷ খাই বৈ উঠি গুৰুজনে‍ বুঢ়া-বুঢ়ীক সুধিলে যে ঢেঁকীয়াশাকৰ আঞ্জা খাই কেনে পালে? বুঢ়াই বোলে উত্তম, আমি এনেকুৱা সোৱাদ আঞ্জা কোনো দিনে খোৱা নাই৷ গুৰুজনে বোলে, “আমিও সোৱাদ পালো৷ গতিকে আপোনাৰ ভক্তিৰহে আঞ্জা ইমান সোৱাদ হৈছে৷” এইদৰে তেৰাই মুখশুদ্ধি কৰি কথাবার্তা পাতি আছে৷ বুঢ়ীয়ে ঈশ্বৰৰ বাবে বিছনা পাৰি তেৰাক জনালে, বোলে “বাপ ৰাতি ভালেমান হ’ল দুঃখে ভাগৰে আহিছে, এতিয়া শয়ন কৰক৷” গুৰুজনে বোলে, “আমি শয়ন কৰো, আপোনালোকও কৰক৷” এই বুলি গৈ শয়ন কৰিলে৷

     বুঢ়া-বুঢ়ীয়ে যেনে‍-তেনে এসাজ খুৱালে৷ পুৱাৰ কঠা চাউল গুৰুজনক কেনেকৈ সোধোৱা হ’ব তাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে৷ এনেতে বুঢ়ীৰ মনত পৰিল বোলে “উপায় এটা আছে৷ আপুনি মোৰ মূৰৰ চুলি কাটক আৰু দুয়ো চেং গোঠোঁ৷ তাকে হাটত বিক্ৰী কৰি যি পাই-পইছা পাম তাৰেই চাউল আনি গুৰুজনাৰ সেৱা কৰিম৷” বুঢ়াই তেতিয়া ক’লে, “ইয়াৰ বাদে অন্য কোনো উপায় নাই” ইয়াকে ভাবি বুঢ়াই বুঢ়ীৰ চুলিকোঁচা কাটিলে৷ দুয়ো চেং কেইটাৰ গুঠি থ’লে৷

     ইয়াৰ পৰা প্ৰায় ডেৰ মাইলমান আঁতৰত এটা পুখুৰী আছে৷ ১৯৫০ চনৰ ভূমিকম্পৰ পিছত পুখুৰীটো পোত গৈ এতিয়া মাত্ৰ অস্তিত্বটোহে আছে৷ এটা পুখুৰীৰ পাৰতে এখন হাট বহিছিল৷ ইয়াৰ কাষেদিয়েই এটা জান বৈ গৈছিল, সেই কাৰণে এই ঠাই আৰু পুখুৰী আজিও হাটজানৰ পুখুৰীৰ পাৰ নামেৰে জনাজাত হৈ আছে৷

     ৰাতিপুৱা শুই উঠি বুঢ়ীয়ে গা-পা তিয়াই গুৰুজনাক সেৱা কৰি হাতত চেং লৈ হাট পালেগৈ৷ হাট পাই বুঢ়ীয়ে চেং কেইটাৰ মোনাৰ পৰা উলিয়াই থ’লে৷ আড়কালে বৰকৈ চেং বিক্ৰী নহয়৷ সেইদিনা চেং কেইটাৰ মোনাৰ পৰা উলিয়াই থোৱা মাত্ৰেই ইমান গ্ৰাহক লাগিল যে চেং সোনকালে বিক্ৰী হ’ল আৰু আগতকৈ যথেষ্ট দাম পালে৷ সেই টকাৰেই বুঢ়ীয়ে চাউল, শাক-পাচলি আদি খোৱা বস্তু কিনিলে৷ বুঢ়ীয়ে বলে নোৱাৰি বস্তুখিনি তাতে থৈ আহি বুঢ়াক পঠিয়াই দিলে৷ সময়ত বুঢ়াই সকলো বস্তু লৈ ঘৰ পালেহি৷

     চাউল কঠা দিহা কৰি দিলে৷ গুৰুজনে চাউল সিজাইছে৷ এনেতে‍ গুৰুজনে বুঢ়াক ক’লে, “আমি এই ঠাইতে এগছি বন্তি ৰাখিবৰ মন কৰিছিলো৷ আপুনি সন্মত হ’লেই হ’ব৷” বুঢ়ীয়ে ক’লে “বাপ  আপোনাৰ অনুগ্ৰহ লাগে৷” এইবুলি কোৱাত গুৰুজনে কেইজনমান গঞালোকক মাতি আনিবলৈ‍ ক’লে৷ বুঢ়াই গৈ কেইজনমানলোকক মাতি আনিলেগৈ৷ গুৰুজনৰ চাউল সিজোৱা হ’ল৷ তিনিও মহা আনন্দেৰে ভোজন কৰিলে৷ ভোজন কৰি অঁতাই গুৰুজনে মুখ শুদ্ধি কৰি বাহিৰলৈ ওলাল তেনেতে গঞা ৰাইজ আহি গুৰুজনৰ লগত দেখা-সাক্ষাৎ কৰিলে৷ গুৰুজনে ৰাইজক সবিশেষ কথাৰে পৰিচয় দিলে৷ গঞা ৰাইজেও পৰিচয় পাই ৰূপ-গুণে মোহিত হৈ সহ-ভক্তিৰে গুৰুজনৰ ওচৰত মূৰ দোৱালে৷ গুৰুজনে এই ঠাইত এগছি বন্তি ৰাখিব খোজা কথা ৰাইজক জনালে৷ ৰাইজে বোলে, “বাপ উত্তম কথা৷ আপোনাৰ ইচ্ছা পূর্ণ কৰক৷” ৰাইজৰ কথা শুনি গুৰুজনে ক’লে, “তেনেহ’লে মোক কেইটামান বৰ গছৰ ডাল আনি দিয়ক৷” ৰাইজে কেইটামান ডাল আনি দিলে৷ গুৰুজনে আঠোটা খুঁটি কৰালে৷ উত্তৰ, দক্ষিণ, আৰু পশ্চিমে তিনিওফালে খুটি মাৰিলে৷ খুটি মাৰি আহি গুৰুজনে যি ঠাইতে ভোজন কৰিছিল সেই ঠাইতে এগছি বন্তি‍ জ্বলাই গুৰুজনে সেৱা কৰিলে৷ সেৱাৰ পাছত গুৰুজনে ৰাইজক ক’লে, “আমি এই ঠাইতে সেৱা কৰি বুঢ়া-বুঢ়ী আৰু আমি তিনিও চাউল কঠা গুৰুক অর্পণ কৰা হ’ল৷ সেই কাৰণে এই ঠাইত এগছি বন্তি ৰখা হ’ল৷ আপোনালোকে এই বন্তি গছি তেল-শলাকনি দি প্ৰতিপালন কৰি থাকিলে অনন্ত কাললৈ জ্বলি থাকিব৷ এই জানটিত যিডাল নাহৰ কাঠেৰে মানুহ পাৰ হ’বৰ বাবে সাঁকো দিয়া আছে, সেই সাঁকোৰ নামেৰেই এই থানৰ নাম নাহৰ সাঁকো থান ৰাখিলো৷ কাৰণ এই থানত যাৰ ভক্তি হ’ব, সকলো বিপদ পাৰ হ’ব পাৰিব৷

     বুঢ়ীৰ মূৰৰ চুলি বেচি চাউল কঠা খুউৱাৰ দিহা কৰিলে, সেইবাবে এই জানটিৰ নাম বুঢ়ীদিহা থলো৷ এই ঠাইৰ ঢেঁকীয়া পাচলিৰ আঞ্জা খাই বৰ তৃপ্তি পালো৷ সেই কাৰণে এই গাঁওখনৰ নাম ঢেঁকীয়াখোৱা নামেৰে প্ৰখ্যাত হ’ব৷”

     এইবুলি কৈ মহাপুৰুষ গুৰুজনাই বিদায় লৈ ভটিয়াই গ’ল৷ ইফালে শ্ৰীমন্তশঙ্কৰ গুৰুজনে মাজুলীৰ ধুৱাহাট বেলগুৰি নামেৰে ঠাইত মাধৱদেৱ ৰাজদণ্ডৰ পৰা মুক্ত হৈ আহিবৰ কাৰণে ভক্তসকলেৰে সৈতে সাদিনীয়াকৈ পালনাম কৰিছিল৷ পালনামৰ সপ্তম দিনা শ্ৰীশঙ্কৰ গুৰুৰে মাধৱদেৱ মহাপুৰুষ দুজনা গুৰুৰ মিলন হ’ল৷ দুজনা গুৰু আৰু ভক্তসকলে মহা আনন্দেৰে নামধর্ম প্ৰচাৰ কৰিবলৈ ধৰিলে৷ ইফালে কিছুদিনৰ পিছত বুঢ়া-বুঢ়ীৰ মৃত্যু হোৱাত গাঁৱৰ ৰাইজে এই ঠাইত (বর্তমান যি ঠাইত ঢেঁকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠিত) এটা খেৰ বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু দুজনা গুৰু মিলনৰ বাবে যি পালনাম প্ৰকাশ কৰিছিল, প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আর্হিৰে পালনাম গাবলৈ ধৰিলে৷ সেইমতে আজি পর্যন্ত চলি আছে আৰু অনন্ত কাললৈ চলি থাকিব বুলি আশা কৰা হৈছে৷ বাকী সেইমাহত দৈনিক গঞা ৰাইজে গোটখাই নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ কৰে৷

     আজি পাঁচশ বছৰৰ আগৰ পৰাই গাঁৱত মৌখিকভাৱে পুৰুষাণুক্ৰমে এই ইতিহাস চলি আহিছে৷”

     ঢেঁকীয়াখোৱা বৰনামঘৰৰ ইতিহাস সম্পর্কত অসমৰ কেইবাজনো বিশিষ্ট পণ্ডিতৰ লিখনিত তথ্যৰ উল্লেখ পোৱা যায়৷ উদাহৰণ স্বৰূপে বিশিষ্ট পণ্ডিত ড০ মহেশ্বৰ নেওগদেৱৰ কথা আমি উল্লেখ কৰিব পাৰোঁ৷

     জনাযায় অসমত আহোম ৰাজত্বকালত নেঘেৰীটিঙৰ পৰা শিৱসাগৰৰ গড়গাঁৱলৈ পোনাই অর্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষ‍িণে পাৰেদি এটি ৰাজআলি আছিল৷ সেই ৰাজআলি ঢেঁকীয়াখোৱা গাঁৱৰ উত্তৰে প্ৰায় এক মাইলমান আঁতৰেৰে অতিক্ৰম কৰিছিল৷ ৰজাসকল অহা-যোৱা কৰোঁতে‍ ইয়াত যে বাহৰ পাতিছিল এই কথাত আমাৰ সন্দেহ নাই এই কাৰণেই যে ইয়াতেই ৰজাবাৰী, বেজৰপথাৰ, ৰজাদিনীয়া জৰি‍-আঁহতৰ বৰপুখুৰী, হাটৰজান আদি আছে৷

     আহোমৰজা স্বর্গদেউ চুহুংমুঙৰ দিনত ৰজাৰ হাতীধৰা দায়ত মহাপুৰুষ মাধৱদেৱ আৰু হৰিজোঁৱাই বন্দী হৈছিল৷ ৰজাৰ হুকুমত হৰিজোঁৱাইৰ শিৰচ্ছেদ আৰু মাধৱপুৰুষৰ মুক্তি হ’ল৷ শিৱসাগৰৰ মেচাগড়ত মাধৱপুৰুষে মুক্তি পোৱাৰ পাছত গুৰুজনাক খবৰ দিবৰ নিমিত্তে বা মাজুলী বেলগুৰিত শ্ৰীমন্তজনে প্ৰিয় শিষ্যক লগ পোৱাৰ হকে পলে পলে নাম ডাকি হৰিক আৰধনা কৰাৰ হেতুকেই মাধৱপুৰুষ পশ্চিম দিশে ধাৱমান হ’ল৷ খোজেৰে অহাৰ সেতু জিৰাবৰ নিমিত্তে তেওঁ এখন সুচল ঠাই সন্ধান কৰিলে৷ অৱশেষত হাট-বজাৰ বহা ঠাই আৰু মানুহৰ উপস্থিতিৰ উমান পাই হাটজানৰ পুখুখীৰৰ পৰা কিছু দক্ষিণলৈ উজাই আহিল আৰু ‍কেও কিছু নোহোৱা এহাল বুঢ়া-বুঢ়ীক দেখা পাই আগবাঢি় আহিল৷

     ড০ মহেশ্বৰ নেওগ ৰচনাৱলীৰ পৃষ্ঠা ৮৯-৯০ত ইয়াৰ বর্ণনা এনেদৰে আছে- “…স্বয়ং স্বর্গ মহাৰজাৰ মুখৰ বাক্য‍েৰে‍ বন্দীত্বৰ পৰা নিষ্কৃতি পাই শ্ৰীমাধৱদেৱৰ একেটি মাত্ৰ চিন্তা হ’ল, তন্মুহূর্তেই যেন গৈ গুৰুজনাৰ চৰণ দুটিত পৰিবগৈ৷ যিমান পাৰে খৰ খোজেৰে বেলগুৰি অভিমুখে বাট ল’লে৷ কমলাবাৰী আদি থানৰ কথন-চৰিত্ৰই কয়, ৰাজধানীৰ পৰা ধুঁৱাহাটৰ পথত দিহা জানৰ পাৰৰ পিছত ঢেকীয়াখোৱা বা নাহৰ সাঁকো থান নামে জনাজাত ঠাইত তেওঁ এহালি দুখীয়া-নিচলা বুঢ়া-বুঢ়ীৰ গৃহত এনিশালৈ আশ্ৰয় লৈছিল৷ তাতে তেওঁ ঔটেঙাৰ বাকলি এছটা লৈ প্ৰদীপ জ্বলাই গধূলিৰ প্ৰসঙ্গ কৰিছিল৷ সেই ঠাইতে পিছৰ কালত এটি ৰাজহুৱা বৰনামঘৰ হয়৷”

     আকৌ ড০ মহেশ্বৰ নেওঁগৰে ৰচনা, ‘পবিত্ৰ অসম’ পৃষ্ঠা ৭৬ ত ঢেকীয়াখোৱা বৰনামঘৰ সম্পর্কে লিখিছে‍- “যোৰহাট নগৰৰ ন-মাইল পূবে‍

লাহদৈগড় পূবে চেউনী আলিৰ উত্তৰে‍

এই প্ৰাচীন নামঘৰটি৷ মাধৱদেৱে‍

গড়গাঁও ৰাজধানীত নজৰবন্দী হৈ

থাকি বেলগুৰিলৈ ঘূৰি যোৱাৰ সময়ত

ইয়াতে শলা বন্তি জ্বলাই কেইদিনমান আছিল বুলি জনা যায়৷”

     শেষত, ইতিহাসৰ সেই সোণালীদিনৰ শুভক্ষণৰ পৰা আজিকোপতি‍ ঢেকীয়াখোৱাত অক্ষয়বন্তি প্ৰজ্বলিত হৈ আছে৷ বিভিন্ন সেৱাইটিসকলৰ ভক্তি ভৰা আগমন আৰু ভক্তসকলৰ হৃদয়ৰ পৰা উচ্চাৰিত হৰি প্ৰেমৰ নামগাঁঠাই আজিও ঢেকীয়াখোৱা তথা অসমৰ আকাশ-বতাহ মুখৰিত কৰি আছে আৰু অনন্ত কাললৈকে থাকিব৷

তথ্য্ উৎস

ঢেকীয়াখোৱা বৰনামৰ পৰিচালনা সমিতিৰ দ্বাৰা প্ৰকাশিত

ইতিবৃত্তঃ সপ্তম তাঙৰণ, ২০০৪

বিশেষ কৃতজ্ঞতাঃ শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰীশ্ৰী জনার্দন দেৱগোস্বামী আৰু শ্ৰী ভাইকন আতৈ৷

মাজুলীস্থিত নতুন কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ তথা তিতাবৰ মহিমাবাৰীস্থিত কমলাবাৰী সত্ৰত ঢেকীয়াখোৱাৰ ইতিহাস সম্বলিত চৰিত পুথি অনুসন্ধানত সহায় আগবঢে়াৱা শ্ৰী মহেন্দ্ৰ শইকীয়া৷

 

   
   
   

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti