Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
 নামঘৰ ঃ উৎপত্তি

নামঘৰ ঃ উৎপত্তি, বিকাশ আৰু বিবর্তন
ৰূপম কুমাৰ শাস্ত্ৰী
দক্ষিলণপাট সত্ৰ, মাজুলী
অসমৰ জাতীয় জীৱনত একতাৰ এনাজৰীৰ সৌধ সৃষ্টি কৰা সর্বাধিক ভাৱে প্ৰচাৰিত আৰু ঐকান্তিক ৰূপে ব্যৱহার্য সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান হ’ল যুগনায়ক, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱর্ত্তিত ও প্ৰতিষ্ঠাপিত ‘নামঘৰ’৷
অসমৰ আধ্যাত্মিক সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰক কেন্দ্ৰ কৰি এখন গাঁৱৰ সামূহিক ভেঁটি গঢ় লৈ উঠিছে আৰু এখন সমাজ অনুশাসিত আৰু সু-পৰিকল্পিত ভাৱে অদ্যাৱধি পৰিচালিত হৈ আছে৷
আধ্যাত্মিকতাৰে সমৃদ্ধিময় অসমৰ ইতিহাসত এই ‘নামঘৰ’ শব্দটিৰ প্ৰয়োগ পঞ্চদশ শতিকাৰ মাজভাগৰ পৰাহে হোৱা দেখা যায়৷ প্ৰাৰম্ভতে কিন্তু নামঘৰৰ পৰিবর্তে কীর্তন ঘৰ হিচাপেহে প্ৰচলিত আছিল৷ গুৰুচৰিত সমূহে কুসুম্বৰৰ সৰিয়হ তলিত (গণক জানৰ কাষত) কীর্তনঘৰৰ কথা কয় যদিও ‘নামঘৰ’ শব্দৰ উল্লেখ নাই৷ পৰৱর্তী সময়ত বেজবুৰুৱা, মহেশ্বৰ নেওগ আদি প্ৰণিত “গুৰু-চৰিত”ত নামঘৰৰ উল্লেখ পোৱা যায়৷ আনহাতে ৰামচৰণ ঠাকুৰৰ ‘বৰদোৱাচৰিত” আৰু বেজবৰুৱাৰ মতে প্ৰথমবাৰ তীর্থভ্ৰমণৰ আগতে বৰদোৱাত প্ৰথম কীর্তনঘৰ সাজি ভেঁটি তোলোতে চতুর্ভূজ বিষ্ণুমূর্তি পাই প্ৰার্থনা কৰাৰ উল্লেখ আছে৷ গতিকে বৰদোৱাত মহাপুৰুষে নামঘৰ মণিকুট থাপনাৰে অসমীয়াক একতাৰ এনাজৰীৰে বান্ধি বিশ্বদৰবাৰত এটা সংস্কৃতি সম্পন্ন জাতি হিচাপে জীয়াই থাকিবলৈ যি যথাশক্তি দি গ’ল নামঘৰেই সেই অমোঘ মৃতু্ঞ্জয়ী সঞ্জীৱনী শক্তিৰ মহান প্ৰতিভূ৷
শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্কৃতি পৰিশুদ্ধ একশৰণ মহাপুৰুষীয়া ধর্মৰ অমৃতময় ভাণ্ডাৰটিৰ প্ৰতিপালক গোপালদেৱে গুৰুমানি শঙ্কৰদেৱতে শৰণ গ্ৰহণ কৰিম বুলি ভাৱি থাকোতেই গুৰুজনাৰ বৈকুন্ঠ প্ৰয়াণৰ বার্তা শুনবিলৈ পাই মর্মান্তিক বেজাৰ পালে৷ এই বেজাৰতে নিজৰ মনক স্থিৰ কৰিবৰ কাৰণে এটি নামগৃহ নির্মাণ কৰি তাতে গুৰুজনাৰ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ধৰিলে৷
‘শঙ্কৰৰ নাম আলচ কৰিয়া নামঘৰ বান্ধিলন্ত৷
শঙ্কৰৰ কৃত পদক পঢি়য়া প্ৰসঙ্গ দিনে কৰন্ত৷৷’
-শ্ৰীশ্ৰীগোপালদেৱ চৰিত্ৰ
অসমীয়া সংস্কৃতিৰ প্ৰাণ, আত্মা স্বৰূপ ‘নামঘৰ’ জাতীয় জীৱনৰ সংহতিৰ চিৰ জাগ্ৰত মূর্ত প্ৰতীক৷ নামঘৰৰ অর্থ কেৱল নামলোৱা ঘৰেই নহয়৷ ই ধর্ম্মীয় সামজিক, সাংস্কৃতিক আৰু জনশিকা প্ৰসাৰৰ কেন্দ্ৰস্থল৷ ধর্ম্ম, ঐক্য আৰু সংহতিৰ স্পন্দনেৰে ‘নামঘৰ’ নিকা আলয়৷ মহাপুৰুষ জনাই নৱবৈষ্ণৱ ধর্মৰ আর্হিৰ প্ৰস্তুতি চলাওঁতে ভাৰতৰ বিভিন্ন ধর্মীয় অনুষ্ঠানসমূহ দর্শন কৰিছিল৷ এই মঠ-মন্দিৰ বিলাকৰ ৰীতি-নীতি আদিৰ লগতো পৰিচয় ঘটিছিল৷ কোনো কোনোৰ মতে সেই সময়ত বৌদ্ধবিহাৰবোৰৰ আর্হিৰে নামঘৰ নির্মিত হৈছিল৷ আনহাতে কোনো কোনোৰ মতে জনজাতীয় ‘মূৰংঘৰ’ৰ আর্হি গ্ৰহণ কৰিছিল বুলি ক’ব খোজে৷ বর্তমান মিছিং মানুহৰ গাঁৱে-গাঁৱে নামঘৰ দেখা যায়৷ নামঘৰ তেওেঁলাকৰ বাবে অতি পৱিত্ৰ অনুষ্ঠান৷ নামঘৰত যিবোৰ সিদ্ধান্ত কৰা হয় সেইবোৰ পালন পালন নকৰিলে সেইটো জঘন্য অপৰাধ হিচাপে গণ্য কৰা হয়৷
নামঘৰৰ নিচিনা এটি ধর্মীয় অনুষ্ঠান মিছিং সমাজত গঢি় উঠাটো অতি আনন্দৰ কথা৷ পূর্বে নামঘৰ সম্পর্কে কোনো তৃণমূল ধাৰণা নথকা মিছিং সমাজত পূজাস্থান বুলি কোনো ঠাই বা ঘৰ ক’তো নাছিল৷ মিছিংসকলৰ ৰাজুহুৱা ঘৰ বুলিবলৈ কেৱল মূৰং ঘৰহে আছিল বা এতিয়াও ক’ৰবাত ক’ৰবাত আছে৷ কিন্তু মূৰংঘৰ মূলতঃ পৰাগ উৎসৱ (ৰাজহুৱা প্ৰীতি ভোজ)ৰ বাবে সজা হয়৷ পৰাগ উৎসৱ পাঁচ দিনৰ বাবে চলে৷ কিন্তু মূৰংঘৰ কাঠ-বাঁহেৰে নির্মাণা কৰা হয়৷ লগতে ই কেইবা বছৰলৈয়ো বিভিন্ন কামৰ উপযোগী হৈ থাকে৷ সেই বুলি ইয়াত ধর্মীয় কাম সম্পন্ন কৰা নহয়৷ গতিকে মূৰংঘৰক নামঘৰৰ লগত তুলনা কৰিব নোৱাৰি৷ আর্হি য’ৰ পৰাই গ্ৰহণ নকৰক কিয়, এটা কথা ন-দি ক’ব পাৰি নামঘৰ শংকৰদেৱৰ স্বকীয় বৈশিষ্ট্যৰে বিদ্যমান৷ মধ্যযুগীয়া ৰামানুজৰ ধর্মমত আৰু সম্প্ৰদায়ৰ লগত একশৰণ নামধর্মৰ বহুখিনি সামঞ্জস্য আছে৷ উৰিষ্যাৰ ভাগৱত টুঙ্গী বিলাকৰ লগত অসমৰ নামঘৰ বিলাকৰ বহু সাদৃশ্য আছে৷ ভাৰতবর্ষৰ মন্দিৰবোৰ তিনিটা শৈলীৰ- নাগৰ, বেশৰ আৰু দ্ৰাবিড়৷ অসমৰ মঠ-মন্দিৰবোৰত নাগৰ শৈলীৰ প্ৰভাৱ পৰিলেও ইয়াত কিছুমান স্বকীয় বৈশিষ্ট্য আছে৷ আনহাতে নামঘৰত বিগ্ৰহৰ পৰিৱর্তে থাকে বৈষ্ণৱ ধর্মৰ চিৰন্তন আদর্শ ভাগৱত৷ মুঠৰ ওপৰত থলুৱা সংস্কৃতিৰ লেচেৰি বুটলি মহাপুৰুষ জনাই সর্বভাৰতীয় আদর্শ অন্তৰত ৰাখি স্থাপন কৰি গ’ল এই নামঘৰ- যাৰ সুস্থ, সৌম্য বাতাবৰণ আৰু নিবিড় বান্ধোনে বৈষ্ণৱ ধর্মৰ প্ৰৱাহক এক স্থিৰ গতিৰে শদিয়াৰ পৰা ধুবুৰীলৈ বোৱাই জাতীয় জীৱনৰ বান্ধোন কটকটীয়া কৰিলে৷
‘নামঘৰ’ হ’ল অসমীয়া সমাজ সংস্কৃতিৰ বৰভেঁটি৷ নামঘৰৰ ভাস্কর্য বৈষ্ণৱ দর্শনৰ দৰেই সৰল৷ সাধাৰণতে নামঘৰৰ সন্মুখত বাটচ’ৰা, নামঘৰ আৰু নামঘৰৰ মূধৰ ফালে মণিকূট, ভাঁজঘৰ৷ নামঘৰৰ দীঘ, প্ৰস্থ, খুটাৰ সংখ্যা, দিশ নির্ণয়, বটচ’ৰা, মণিকুট নির্মাণৰ ক্ষেঘত্ৰটো পৰম্পৰা আৰু বৈষ্ণৱ দর্শনক প্ৰাধান্য দিয়া হয়৷ নামঘৰ মন্দিৰ নহয়, মন্দিৰ নির্মাণত ভাৰতীয় স্থাপত্য-ভাস্কর্য কলাৰ নির্দিষ্ট নীতি-নির্দেশনা আছে৷ কিন্তু নামঘৰৰ স্থাপত্য মহাপুৰুষ দুজনাৰ সমাজবাদী, বৈজ্ঞানিক দূৰদৃষ্টিৰে সৃষ্টি কৰা জনমুখী দর্শনৰ নিদর্শন৷ “মোৰে জীৱনৰে সখা কৃষ্ণ” বুলি কৃষ্ণ সংস্কৃতি সাৱটি লোৱা ৰূপকোঁৱৰ জে‍্যাতিপ্ৰসাদে সোণসেৰীয়া ভাষাৰে কৈছে- ‘আজি বিশ্ব-স্থাপত্য ৰৌপিক সৰলতা আৰু স্তুপ সমাবেশেৰে ৰচনা কৰিব খোজা স্থাপত্যৰ সৌন্দর্যৰ আদিম প্ৰকাশ শ্ৰীশঙ্কৰৰ নামঘৰতেই মই দেখিছিলো৷… হিন্দু, বৌদ্ধ আৰু মোগল স্থাপত্যৰ প্ৰভাৱৰ মাজত এনে স্থাপতা বৈপ্লৱিক ভংগীয়ে মোৰ মনত বিস্ময় ওফজায়৷ ১৯৩০ চনত বার্লিনত ভাৱিষি‍্যতিক আধুনিক স্থাপত্যৰ কেইটামান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি চক্ খাই উঠি সেই বিদেশৰ চহৰৰ পৰাই এই অসমৰ মহা প্ৰতিভালৈ শিৰ দোঁৱাইছিলো৷ ইউৰোপৰ পৰা মই উভতি আহি ১৯৩১ চনত বৰদোৱা সত্ৰলৈ গৈ তাত নামঘৰৰ খুটাত কাটি থোৱা ভাস্কর্যৰ নিদর্শন দেখি আকৌ এবাৰ বিস্ময়ত অভভিূত হৈছিলো৷ সেই সময়ত বিশ্ব বিশ্ৰুত ভাস্কর্যশিল্পী Epstain ৰ এক নতুন ভাস্কর্যৰ এক অভিনৱ কাৰিকৰত ভাৰতীয় প্ৰভাৱ আছিল বুলি কৈছিল৷ সেই কাৰিকৰীকেই দেখিলো বৰদোৱাৰ নামঘৰৰ খুটাত কটা মূর্তিবোৰত৷ আচৰিত হ’লো, ভকতক প্ৰশ্ন কৰাত ক’লে- সেই খুটাবোৰ বোলে গুৰুৰ দিনৰেই৷ তেন্তে এই ভাস্কর্যতো হিন্দুৰ দেৱ-দেৱীৰ ভাস্কর্যটোৰ দৃষ্টি-ভঙ্গীৰ পৰা ওপজা কাৰিকৰী৷ যি কাৰিকৰী অলপ হেৰফেৰ হৈ আজি পাঁচশ বছৰৰ পাছত Epstain ৰ বটালিয়েদি ওলাই ৰোমাঞ্চিত কৰিছে৷ তেতিয়া মোৰ মনে গাই উঠিছিল-
“আগে নিচিনিলো এবেসে জানিলো
তেন্তে তুমি শ্ৰীৰাম৷
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
চৰণে কৰো প্ৰণাম৷৷”
পশ্চিমীয়া শিক্ষা পাই অহংকাৰত অন্ধলা হৈ ঘৰৰ মহাপ্ৰতিভাক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহংকাৰ সেই দিনা একেবাৰেই ধুলিসাৎ হৈ গ’ল৷ সেইদিনাৰ পৰাহে মই অসমীয়া হ’বলৈ আৰম্ভ কৰিলো৷ মোৰ ভিতৰৰ মানুহটো (চাহাব) ওলাই লৰ মাৰিলে৷ তাৰ পাছত নামঘৰৰ ভিতৰলৈ সোমাই গৈ দেখিলো থাপনাখন দেখোন Cubist design ৰ৷ তাত অঁকাবোৰ impressionst কোনো কোনোটো Symbolist শিল্পীৰ আলেখ্যৰ দৰে৷ বাৰে বাৰে এই প্ৰশ্ন জাগিবলৈ‍ে ধৰিলে, বিলাতলৈ কেলেই পঢি়বলৈ গৈছিলো? যি বিচাৰি গৈছিলো ঘূৰি আহি দেখোন ঘৰতে পালো৷ তেতিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱৰ সর্বতোমুখী প্ৰতিভা বুজিবলৈ চেষ্টা কৰি আহিছো…” (শিপ্লীৰ পৃথিৱী)
নিজৰ অতীত ঐহিত্য, স্বদেশ প্ৰীতি, নিজৰ ঘৰৰ সম্পদ নিচিনি আনৰ সম্পদত প্ৰীতি সমাদৰ দেখুৱাৰ প্ৰতিও ৰসৰাজ বেজবুৰৱাদেৱে আত্মশ্লাঘা কৰিছে এনেদৰে-
“গুৰু লাগে মই শিক্ষি ত শিষ্য
জগতত জাননী দিলো৷
জগতৰ গুৰু শঙ্কৰ ঘৰতেই
অন্ধলাই নেদেখিলো৷”
(দূৰ আৰু ওচৰ)
সর্ব প্ৰথমেই গুৰুজনাই এখন সংস্কাৰিত সমাজ প্ৰতিষ্ঠা কৰি ধর্ম প্ৰচাৰ কৰাৰ মানসেৰে ‘নামঘৰ’ প্ৰতিষ্ঠা কৰিছিল৷ ‘নামঘৰ’ আছিল সাত বৈকুন্ঠৰ প্ৰতীক আৰু সাহিত্য-সংস্কৃতি আৰু ধর্ম প্ৰচাৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ নামঘৰতেই সকলো গোষ্ঠীৰ লোক সমবেত হৈ জাতিভেদ পৰিহৰি পবিত্ৰ নামধর্মৰ চর্চা কৰিছিল৷
‘চাণ্ডালো লৱে হৰি নাম মাত্ৰ৷
কৰিবে উচিত মৰাৰ পাত্ৰ৷’
সদাচাৰ আৰু শুচিতাৰ দ্বাৰা বিভিন্ন জনগোষ্ঠীক তেৰাই ওপৰলৈ উন্নীত কৰি নামধর্মত দিক্ষি্ত কৰিছিল৷ নামঘৰতেই সকলো লোকক একত্ৰিত কৰি গুৰু ভকতৰ মণিকাঞ্চন যোগ কৰি সৎসঙ্গ সদাচাৰৰ মাজেদিয়েই সেইজন বৈষ্ণৱ গুৰুৱে সকলোকে সম মর্যাদ্য দি অস্পৃশ্যতা নির্মূল কৰিছিল৷ নামঘৰ শঙ্কৰদেৱৰ সমাজ-সংস্কাৰ আৰু ধর্মপ্ৰচাৰৰ প্ৰধান আহিলা৷ নামঘৰ হৈ পৰিছিল সকলো লোকৰ সমন্বয়ৰ এটা প্ৰধান কেন্দ্ৰস্থল৷
এখন গাঁৱৰ বা সত্ৰৰ প্ৰাণকেন্দ্ৰবন্দিু হ’ল নামঘৰ আৰু মণিকূট৷ মণিকূটৰ অর্থ হ’ল মণিময়কূট৷ কূটৰ অর্থ হৈছে উচ্চ শিখৰ, স্তুপ, স্বৰূপত পৰম ব্ৰহ্ম থকা স্থান৷ মণিকূটত ভগৱৎ উপাসনাৰ বাবে সিংহাসন প্ৰতিষ্ঠা কৰি তাতেই প্ৰত্যক্ষ কৃষ্ণমূর্তি বা ভাগৱত স্থাপন কৰা হয়৷ সেই স্থান সর্বোচ্চ আৰু সর্বোত্তম ৰূপে স্বীকৃত৷ নৱধা ভক্তিৰ যোগেদি য’ত ভগৱৎ আৰাধনা কৰা হয়৷ মূল অর্থত সেয়াই হ’ল গাঁও বা অনুষ্ঠানটোৰ অবিচ্ছেদ্য অংগ নামঘৰ আৰু মণিকূট৷ পুৱা-পশ্চিমাকৈ নামঘৰ মণিকুট বহুৱাৰ নিয়ম৷ নামঘৰৰ চাৰিওকাষে ভক্তসকলৰ প্ৰদক্ষি ণ পৰিক্ৰমাৰ সুবিধাৰ বাবে চালি থাকে৷ কোনো কোনো নামঘৰত এনে চালি মুকলি কৰি ৰাখে আন কোনো ঠাইত বেঢি় ৰাখে৷ মণিকূটক বৰপেটা, কমলাবাৰী আদিত ভাঁজঘৰ নাম দিয়া হয়৷ সকলো সত্ৰতে তেনেভাৱে মুধটো ওখকৈ ভাঁজ কৰি ৰাখি সঁজা নহয়৷ নামঘৰৰ লগত সংলগ্ন কৰি সুকীয়াকৈ এক পৃথক ঘৰ নির্মাণ কৰি ভাগৱত বা মূর্তি ৰখা হয় আৰু এই ঘৰক মণিকূট আখ্যা দিয়া হয়৷ মণিকূট শব্দৰ অর্থ হ’ল ৰত্ন ৰখাঘৰ৷ এই ৰত্ন হ’ল বৈষ্ণৱ ধর্মৰ মূল উপাস্য দেৱতা কৃষ্ণ৷ তেহেলৈ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত শ্ৰীকৃষ্ণদেৱে সখা উদ্ধৱক দিয়া- “শৈলী দাৰুময়ী লৌহিলেপ্যা লেখ্যা চ চৈকীতি মনোময়ী, মণিময়শ্চ প্ৰটিমা অষ্টবিধা স্মৃতাঃ৷৷” উক্ত অষ্টবিধ প্ৰতিমাৰূপে উপাসনা সিদ্ধান্তৰ যি বিধেই উপাদান ভক্তসমাজে গ্ৰহণ নকৰক কিয় কিন্তু মূলাধাৰ হ’ল- “সত্য ব্ৰহ্ম; কৃষ্ণস্তু ভগৱান্ স্বয়ম্৷” অন্যহাতে সহস্ৰ মণিকর্ণকিাত যোগী মুনিসকলে পৰম আত্মাৰ সন্ধান পায়৷ সেই বন্দনীয় স্থান মণিকর্ণিকা সদৃশ মণিকূট৷ এই মণিকূট বা ভাঁজঘৰ স্থানক গর্ভগৃহ বুলিও কোৱা হয়৷ নৈবেদ্যাদি উৎসর্গা কৰি মণিকূট অর্চন-বন্দন মাধ্যমেৰে ভগৱৎ উপাসনা কৰা হয়৷ নামঘৰ, মণিকূটৰ বাহিৰেও আৰু এটি ভাগ নামঘৰৰ লগত সংলগ্ন হৈ থাকে৷ ই হ’ল ৰাঙলী চ’ৰা৷ ই নামঘৰৰ সন্মুখ ভাগত অৱস্থিত৷ ৰং-বিৰঙৰ কাৰুকার্য থকা ঘৰ বা আনন্দ দায়ক চ’ৰা৷ এই ৰাঙলি চ’ৰাতে কেতিয়াবা ধর্মীয় বিচাৰ নিস্পত্তি হয়৷ এই ঘৰ নামঘৰৰ সন্মুখত কিছু তললৈ বিচিত্ৰভাৱে সজোৱা হয়৷ ইয়াৰ বেৰ নাথাকে, মুকলি ঘৰৰ দৰে৷ নামঘৰ মাজভাগত চৈধ্য প্ৰসঙ্গৰ অন্তর্ভূক্ত বিষয়ববীয়া সকলৰ নির্দিষ্ট আসন সু-ৰক্ষিিত হৈ থাকে৷ নামঘৰৰ মুধ খুটাত গুৰু আসন থাকে৷ অৱশে‍্য স্থানভেদে সংহতি ভেদে এই আসন আৰু প্ৰসঙ্গ প্ৰণালীসমূহ সুকীয়া সুকীয়া৷
নামঘৰত স্থুলবৈকুণ্ঠ বোলাৰ যুক্তি যুক্ততা অসীম৷ অর্থ হ’ল- তত্ত্বক ৰসলৈ ৰূপান্তৰ কৰা৷ বৈকুণ্ঠ এক শাস্ত্ৰীয় তত্ত্ব৷ এই তত্ত্বক সাধনাৰ দ্বাৰা উত্তৰণ ঘটাব পাৰি৷ নামঘৰৰ অন্তঃস্থলত যি সাধন আরু আচৰণৰ ব্যৱস্থা কৰা হৈছে, সেই প্ৰক্ৰিয়াৰ মাধ্যমেৰে অদৃশ্য বৈকুণ্ঠৰ স্বভাৱসমূহ দৃশ্যমান জগতৰ মাজত মূর্তিমান হৈ উঠে বা ভক্তৰ জীৱনৰ মাধ্যমেৰে প্ৰাণৱন্ত হৈ উঠে৷ ইয়াৰ উৎস হৈছে নামঘৰ৷ গতিকে নামঘৰক স্থুলবৈকুণ্ঠ বোলা বা সেৱা কৰা অতিকে প্ৰণিধানযোগ্য৷
আমাৰ শাস্ত্ৰীয় মতাদর্শৰ অনুসৰি তিনিটা অহংভাৱনাই মানুহৰ জীৱনক ৰসৰ পৰা মৰুময় শুকান বালিচৰত নিমজ্জিত কৰোৱাই৷ সেইকেইটা হৈছে- (১) অভিমান, (২) গৌৰৱ আরু (৩) আত্মপ্ৰতিষ্ঠা৷ সেয়েহে আমাৰ হিন্দুৰ বৈষ্ণৱ শাস্ত্ৰত অভিমানক সুৰাপানৰ, গৌৰৱক ৰৌ ৰৌ নৰকৰ লগত আৰু আত্মপ্ৰতিষ্ঠাক গাহৰিৰ বিষ্ঠাৰ লগত তুলনা কৰিছে৷ এই মৰুভূমিৰ নিৰসৰ পৰা পুনহঃ ৰসময়, আনন্দময় ব্ৰক্ষলৈ ঘূৰাই আনিবলৈ ভক্তি শাস্ত্ৰই নামঘৰক চাৰি প্ৰকাৰৰ সেৱাৰ ব্যৱস্থা কৰিছে- (১) গুৰু সেৱা, (২) ভকত সেৱা, (৩) দেশ সেৱা বা ঈশ্বৰ সেৱা আৰু (৪) নাম সেৱা৷ ভক্তিৰসৰ গভীৰ অন্তঃসাৰলৈ প্ৰৱেশ কৰিবৰ বাবে প্ৰাথমিক স্তৰত চিত্ৰৰঞ্জনীৰ শক্তিৰ বিকাশ সাধন কৰি লোৱাটো মঙ্গলদায়ক৷ সেয়েহে গায়ন-বায়ন, নৃত্য-গীত, শৰাই সজোৱা, শৰাইৰ বাবে উপকৰণ সমূহ কলা সূলভভাৱে তৈয়াৰ কৰা, মার্জিত পোছাক, গাম্ভীর্যপূর্ণ খোজ-কাটল, মার্জিত কথাৰ ব্যৱহাৰেৰে আচৰণশীল হোৱা বিশেষ পৰম্পৰাগত শৈলীৰে গুৰুক সেৱা জনোৱা৷ শাৰী শাৰী ভাৱে আসনত ভকতসকল উপবেসন কৰা ইত্যাদি কলা সুলভ আচৰণসমূহে মানসিক বিকাৰ দূৰ কৰাৰ লগতে মনৰ মাজত সৃজনীশীল শক্তিৰ বিকাশ সাধন কৰে৷
নামঘৰৰ মণিকূট হৈছে পূর্ণ বৈকুণ্ঠধাম৷ বাকী নামঘৰটো ছয় বৈণ্ঠৰ প্ৰতীক৷ সেইদৰে মণিকূট হৈছে- দিব্যভাৱৰ প্ৰতীক আৰু নামঘৰ হৈছে মহাভাৱৰ প্ৰতীক৷ ভাৱসমূহ তিনি ভাগত ভাগ কৰা হৈছে- (১) সাধাৰণ ভাৱ, (২) মহা ভাৱ আৰু (৩) দিব্য ভাৱ৷ নামঘৰ, মণিকূটৰ দ্বাৰত জয়-বিজয়ৰ প্ৰতিমূক্তি এই বাবেই প্ৰতিষ্ঠা কৰা হয় যাতে বৈকুণ্ঠৰ পৰা জয়-বিজয় ভ্ৰষ্ট হোৱা কাহিনীটো সততে ভকতৰ মনলৈ আহে আরু নামঘৰৰ ভিতৰত বিষমতাৰ বিষবাষ্প বিয়পাই কোনো বৈষ্ণৱেই যাতে জয়-বিজয়ৰ দৰে দৈত্য লৈ পতিত নহয়৷ নামঘৰক বৈকুণ্ঠলৈ ৰূপান্তৰ কৰাৰ নৈতিক দায়িত্ব নামঘৰৰ অন্তৱর্তী ৰাইজৰ, বিশেষ ভৱ বৈষ্ণৱৰ৷ নামঘৰত-(ক) নীৰৱতা ৰক্ষা কৰিলে, (খ) গ্ৰাম্য কথাত মগ্ন নহ’লে, (গ) একান্তভাৱে ঈশ্বৰৰ নাম শ্বৱন-কীর্তন কৰিলে, (ঘ) জিভাৰ তৃপ্তিৰ বাবে চাহ-তামোলৰ জুতি লোৱাত মগ্ন নাথাকিলে, (ঙ) নিজৰ মত প্ৰতিষ্ঠা বাবে দৃঢ় নহৈ সার্বজনীন মত প্ৰতিষ্ঠাৰ বাবে নম্ৰতা অৱলম্বন কৰিলে, (চ) কুটনীতি মূলক কথাৰ পৰা ভক্ত বৈষ্ণৱ মুক্ত হৈ থাকিলে, (ছ) অন্ততঃ নামঘৰৰ মূলসেৱাৰ কামত নিযুক্ত সেৱক কেইজন সাত্বিক ভোগী আৰু নিচাসক্ত নহ’লে, (জ) নামঘৰৰ লক্ষ্য আৰু উদ্দেশ্য নামঘৰৰ অন্তৱর্তী ৰাইজৰ বোধগম্য হ’লেহে নামঘৰৰ পবিত্ৰতা অক্ষুন্ন থকাতো সম্ভৱ হ’ব৷
নামঘৰ আধুনিক স্থাপত্যৰ কলাৰ এক পৰিমার্জিত ৰূপ৷ এই কলাৰ আঁৰত বহুতো তাত্বিক অর্থ অর্ন্তনির্হিত হৈ আছে৷ সাধাৰণতে নামঘৰতেই গাঁৱৰ বহুতো গুৰুত্বপূর্ণ কার্য সম্পন্ন কৰা হয়৷ আলোচনা, ধর্মীয় সভা, সাংস্কৃতিক দিশৰ বিভিন্ন কার্যাৱলী, নাট, ভতিমা, নৃত্য-গীত, ভাওনা ব্যৱহার্য পোছাক, মুখা, ভাস্কর্য, স্থাপত্য কাৰু শিল্প্য আদি নামঘৰৰ যোগেদিয়েই শিক্ষণ-শিকণ হোৱাৰ লগতে স্ব-স্ব প্ৰতিভা বিকাশৰ উৎসও নামঘৰেই৷ নামঘৰৰ মজিয়াতেই বিচাৰ, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় বাবে নামঘৰক সৰু সংসদ বুলিও আখ্যা দিব পাৰি৷ নামঘৰৰ আকাৰ শিষ্য-ভকতৰ সংখ্যা বা আর্থিক অৱস্থাৰ ওপৰত নির্ভৰ কৰে৷ মণিকূটৰ আকাৰ নামঘৰৰ তুলনাত ঠেক আৰু সৰু হয়৷ এই মণিকূটতেই পাঁচ, সাত বা ন খলপীয়া কাঠেৰে নির্মিত হেঙুল হাঁইতাল বোলোৱা সিংহাসন ৰখা হয়৷
নামঘৰৰ কেন্দ্ৰীক ধর্মীয় আদর্শ সমাজ জীৱনৰ বাবে বিজ্ঞানসন্মত গণতান্ত্ৰিক ভাৱধাৰাত এক জাতীয় অনুষ্ঠান ৰূপে প্ৰৰিচালিত হৈ আহিছে৷ সত্ৰৰ নামঘৰ গাঁৱৰ নামঘৰৰ মাজত ব্যৱহাৰিক দিশত ব্যৱধান তথা পার্থক্য থাকিলেও বিশ্বৰ পৰম শক্তি পৰম পুৰুষ ভগৱানৰ গুণ-গৰিমা, নাম-কীর্তন আৰু শ্ৰৱন তথা মুখ্য প্ৰাপ্তিৰ প্ৰথম পথ হ’ল- ‘নামঘৰ’৷ ব্ৰহ্মসংহতি সত্ৰৰ নামঘৰত গুৰু আসন, সিংহাসন অথবা মণিকূটত বিগ্ৰহ আছে৷ কিন্তু গাঁৱৰ নামঘৰত পৰম্পৰা ভেদে গুৰুৰ আসন সাতখলপীয়া আৰু পাঁচখলপীয়া৷ অন্যহাতে গৃহস্থৰ ঘৰত থাপনা কৰা আসনত মূর্ত্তি ৰূপ শ্ৰীমদ্ভাগৱত, ঘোষা, কীর্তন, গুণমালা, গীতা আদি পুথি ৰাখি প্ৰার্থনা কৰা হয়৷
নামঘৰ হ’ল অসমীয়া সমাজ-সংস্কৃতিৰ বৰভেঁতি৷ নামঘৰৰ বহল মজিয়া হ’ল উদাৰ মানৱতাৰ পবিত্ৰ ভূমি৷ য’ত জাতি-বর্ণ, উচ্চ-নীচৰ স্থান নাই, আছে মাত্ৰ ভকতৰ স্থান৷ য’ত গুৰু, দেউ, নাম, ভকত আচৰণ আছে৷ আমাৰ পূর্বীয় ধর্মগুৰুসকলে, পিতৃ-পিতামহ, প্ৰ-পিতামহসকলে তেনেধৰণৰ সদাচাৰ, নামঘৰত প্ৰৱেশ তথা নাম-কীর্তন কৰাৰ ক্ষেপত্ৰত, সেৱা-সৎকাৰ কৰাৰ ক্ষেতত্ৰত দেহ-মন শুচি কৰি যাব লাগে৷ নিকা ভাৱৰ বাবে তেনে বস্ত্ৰ পৰিধান কৰিব লাগে৷ ভক্ত বৈষ্ণৱ ও জে‍্যষ্ঠজনৰ প্ৰতি কেনেধৰণৰ আচৰণ কৰিব লাগে সেই বিষয়ে উপদেশ আর্হি দেখুৱাই গৈছে৷ মুঠৰ ওপৰত অসমীয়া জনজীৱনক জনমৰ পৰা মৰণ কাললৈকে নামঘৰ সংস্কৃতিয়ে প্ৰবাৱিত কৰি ৰাখিছে৷ এটা সময়ত নামঘৰ অনুষ্ঠানে গ্ৰাম্য আদালতৰো কাম কৰি আছিল৷ কিয়নো গাঁওখনৰ যিকোনো পাৰিবাৰিক, সামাজিক বিষয়ৰ খেলিমেলিয়ে দেখা দিলেও গাঁৱৰ (গাঁওবুঢ়া, মেধি, বাৰিক, নামতি, পাঠক, দেউৰী, স্থানীয় লোক) মুখীয়ালসকলে নামঘৰতেই ৰাজমেল পাতি সকলো সমস্যা সমাধান কৰিছিলে, বর্তমানো এই সংবিধানিক পৰম্পৰা কম-বেছি পৰিমাণে বর্তি আছে৷
নিজ ৰাজ্যৰ ৰজা-প্ৰজাৰ দ্বাৰা বিতাৰিত হৈয়ো বিভিন্ন লাঞ্চনা-গঞ্জনা, সংঘাট, বিপর্যয় আদিৰ মুখামুথি হৈও শঙ্গৰদেৱ নিজৰ লক্ষ্য আৰু আদর্শৰ পৰা সামান্যতমো বিচলিত হোৱা নাছিল৷ মনিষীজনাই তেওঁৰ অমূল্য দান নামঘৰৰ জৰিয়তে সামজৰ পৰা অনৈক্যৰ ভাৱ আঁতৰাই একতাৰ এনাজৰীৰে জাতি, বর্ণ, ধর্ম-সম্প্ৰদায় নির্বিশেষে অসমৰ সকলো লোককে সংঘবদ্ধ কৰি সাম্য মুক্তিৰ আদর্শৰে মহীয়ান কৰি তুলিছিল৷ গাঁৱৰ সহজ-সৰজ হালোৱা-হজুৱা চহা জীৱনৰ লোকৰ বাবে নামঘৰ আছিল মনৰ খোৰাক যোগাব পৰা একমাত্ৰ শক্তিশালী মাধ্যম৷
প্ৰাচীন অসমৰ বৌদ্ধিক সমাজৰ মহামান্য পুৰুষকিজনাই নামঘৰৰ যোগেদি নির্মল ভাগৱতী বৈষ্ণৱ ধর্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি অসমৰ বহুমুখী বিপথে পৰিচালিত ধর্মৰ মল গুচাই সমাজক শুদ্ধ আৰু জাতিক একতাৰ সূত্ৰত আৱদ্ধ কৰিলে৷ “নামঘৰ আৰু সত্ৰ প্ৰণালী অসমৰ বিশেষ বৈশিষ্ট্য৷ ই অসমৰ নজিা স্বায়ত্ব শাসনৰ প্ৰকৃষ্ট চানেকী৷ প্ৰকৃততে ১৯১৯ চনত ভাৰতবর্ষক মণ্টেগু শাসন সংস্কাৰ দিওতে অসম সৰু আৰু পিছপৰা প্ৰদেশ বুলি চীফ্ কমিশ্যনাৰৰ তলতে থাকিব লগা থিৰ হৈছিল৷ তেতিয়া অসমৰ প্ৰতিনিধি স্বৰূপে কর্মবীৰ নীবন চন্দ্ৰ বৰদলৈ আৰু শ্ৰীযুত প্ৰসন্ন কুমাৰদেৱ বিলাতলৈ গৈ সচিবৰ আগত তাৰ প্ৰতিবাদ কৰি আন যুক্তিৰ লগত ইয়াকো কৈছিল যে অসমত স্বায়ত্ব শাসন যোৱা ৪০০ বছৰ আগৰ পৰা চলি আহিছে৷ তাৰ প্ৰমাণ অসমৰ নামঘৰ আৰু সত্ৰ বিলাক৷ এই নামঘৰবোৰৰ চাৰিবেৰ মুকলি; জাতিভেদ প্ৰথা উঠাই নিদিও সকলো একত্ৰ হ’বৰ বাবে এই দিহা মহাপুৰুষে কৰি থৈ গৈছে৷ নামঘৰৰ গুৰুজনাই নৈদিক চৈধ্য প্ৰসঙ্গ নিয়মতে কৰিছিল৷ তদুপৰি শ্ৰীকৃষ্ণৰ লগত জডি়ত থকা উৎসৱ যেনে- ফাকুৱা, ৰাসযাত্ৰা, জন্মাষ্টমী, ভাওনা আদি পালন কৰা, পালনামত সাদিন একেৰাহে নাম-কীর্তন কৰা আদি অনুষ্ঠানসমূহো মহা প্ৰয়োভৰেৰে অনুষ্ঠিত হৈছিল৷ নামঘৰত এনেদৰে পতা অনুষ্ঠানত ধনী-দুখিয়া, উচ্চ-নীচ সকলো শ্ৰেণীৰ মানুহ একেলগে বহি নাম-প্ৰসঙ্গ কৰি প্ৰসাদ লোৱা ব্যৱস্থাই শ্হকৰদেৱৰ নামধর্ম প্ৰচাৰৰ লগতে জাতীয় একতা গঢ়াত সহায় কৰে৷ নামঘৰৰ মাধ্যমেৰে শ্ৰীকৃষ্ণ মহাত্ম্য, লীলা, খেলা সমূহ জনসাধাৰণৰ মনত সাঁচ বহুৱাৰ নিমিত্তে যাত্ৰা আৰু ভাওনাৰ অভিনয় কৰিছিল৷ শঙ্কৰী কলা-কৃষ্ঠিৰ প্ৰাণকেন্দ্ৰ স্বৰূপে আৰু নামধর্ম প্ৰচাৰ আৰু চর্চাৰ প্ৰধান বাহক হিচাপে আজি ৫০০ বছৰে অসমৰ নগৰে-চহৰে গঢ় লৈ উঠা নামঘৰসমূহে এক বিস্তৰ কার্যৰ সাধন কৰিছে৷ নামঘৰ আৰু সত্ৰসমূহ অসমীয়া জাতিক এটা মহান জাতি হিচাপে গঢ় দি সাংস্কৃতিক প্ৰগতিশীলতাৰে জীয়াই ৰাখিছে৷ শ্ৰীমন্ত্ৰ শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱর্তিত ধর্মীয় তথা সমাজ শৃংখলাত জাতি ভেদৰ প্ৰাচীৰ ক্ৰমে আঁতৰিবলৈ ধৰিলে৷ গণ অনুষ্ঠান নামঘৰত একে কঠ-কুহিলাৰ আসনত বহি চাউল, প্ৰসাদ ভোজন কৰা, গীত-মাত কৰা, নাট-ভাওনা কৰা আদিৰ ৰীতিৰ জৰিয়তে নীহ কুলীয়া শ্ৰেণীৰ লোকক প্ৰথমবাৰৰ বাবে সমাজত উপযুক্ত স্বীকৃতি দিয়াৰ মহান গৌৰৱৰ অধিকাৰীৰ দাবিদাৰ স্বয়ং গুৰুজনা৷ এই পৰম্পৰাৰ শলীল ধাৰা নিৰৱচ্চিন্ন ভাৱে প্ৰবাহিত কৰি অহা অনুষ্ঠানৰ নাম উল্লেখ কৰিবলৈ হ’ল ক্ৰমাত পর্যায়ক্ৰমে আমি মহাপুৰুষ গুৰু দুজনাৰ প্ৰুত স্থান ঢেকীয়াখোৱা, আঠখেলীয়া বৰনামঘৰ আৰু বৰদোৱাৰ নামেই উচ্চাৰণ কৰিব লাগিব৷ য’ত মহাপুৰুষ দুজনাৰ মহান আদর্শৰ মহা ভাৱৰ ফল্গধাৰা অদ্যাবধি চিৰ প্ৰবাহমান৷ তদুপৰি পর্বত-ভৈয়ামৰ জনজাতীয় লোককো সমস্থানত অধিস্থান কৰোৱাৰ নীতিয়ে ধর্মৰ ক্ষে ত্ৰত জাতিভেদৰ কঠোৰ বান্ধোন চিঙি সমাজৰ উচ্চ-নীচৰ মহামাৰীয়ে আৰোগ্য লাভ কৰিলে৷
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি সমতুল৷৷”
এই উদাত্ত বাণীয়ে অসমৰ সেই অজস্ৰ অশিক্ষিগত লোকক উদ্বুদ্ধ আৰু উদ্বেলিত কৰিলে৷ নানা দেৱ-দেবীৰ পূজা, নৰ বলি, পশু বলি, ব্যভিচাৰ, শক্তিৰ উপাসনাক অতিক্ৰম কৰি মানুহে একশৰণ নামধর্ম কৰিলে৷ অন্ধকাৰ বিদীর্ণ কৰি আলোকৰ যাত্ৰা আৰম্ভ হ’ল৷ পথাৰত বিহুগীত গাই থকা মানুহ নামঘৰলৈ সোমাই আহিল৷ সর্বভাৰতীয় চিন্তাৰ লগত অসমীয়াৰ যোগসূত্ৰ ঘটিল৷ অশিক্ষিবত শব্দটো বিভ্ৰান্তিকৰ৷ মানুহ অশিক্ষি্ত হ’লে মানুহ মহাপুৰুষ ৰূপে প্ৰখ্যাত হ’ব নোৱাৰে বুলি থকা সংজ্ঞা একেবাৰে শুদ্ধ নহয়৷ দেশৰ অশিক্ষি ত লোকেই দেশৰ ধর্ম-সংস্কৃতিৰ পৰম্পৰা সদায় বজ্ৰমুঠিৰে ধৰি ৰাখে৷ শ-শ বছৰ ধৰি অসমৰ অজস্ৰ অশিক্ষিিত লোকে শঙ্কৰদেৱ, মাধৱদেৱৰ শ্ৰৱণ-কীর্তন সংস্কৃতি নামঘৰে নামঘৰে জীয়াই ৰাখিছে৷ অশিক্ষি ত শব্দটো গাঁৱলীয়া, চহা জীৱনৰ সহজ-সৰল, সাধাৰণ শ্ৰেণীৰ লোকক বুজাবৰ বাবেহে ব্যৱহাৰ কৰা হৈছে৷ অজ্ঞ বা মূঢ় অর্থত নহয়৷
শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ সৃষ্ট নামঘৰ- হৰিনাম শ্ৰৱণ-কীর্তন ব্যৱস্থাৰে আধ্যাত্মিক আৰু সমাজাকি ঐক্য গঢি় তোলাৰ সর্বোৎকৃষ্ট কৌশল৷ সম্প্ৰীতি আৰু সংহতিৰ এনাজৰী গছিৰে বান্ধি ৰাখিবলৈ এক সুন্দৰ চিন্তাধাৰালৈ গুৰুজনাই নগাৰ-নৰোত্তম, গাৰোৰ-গোবিন্দ, কচাৰীৰ-বলাই, মিৰিৰ-ৰমানন্দ, বনীয়াৰ- হৰিদাস, ভোটৰ- দামোদৰ, কৈৱর্তৰ-পূর্ণানন্দ, মিকিৰৰ-পৰমানন্দ, আহোমৰ- নৰহৰি, কোচৰ- মূৰাৰী আদিৰ বাবেও মুছলমানৰ ছান্দসাইকোঁ একশৰণ ভাগৱতী ধর্মত দীক্ষিরত কৰি ভকত কৰিলে আৰু তেৰাসৱৰ মাধ্যমেৰে বিভিন্ন জাতি-উপজাতিৰ মাজত অস্পৃশ্যতা বর্জন, সহআধ্যাত্মিক স্থানেৰে পৰিপুষ্ট কৰি সম্প্ৰীতিৰ ভেঁটি কটকটীয়া কৰি থৈ গ’ল৷ তদুপৰি এই নামঘৰেই জনসাধাৰণৰ সামাজিক, শৈক্ষি ক, আধ্যাত্মিক কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ৷ আনহাতে আসমীয়া সমাজৰ শিৰৰ মুকুট এই নামঘৰকেই সংস্কৃতিৰ যাদুঘৰ বুলি ক’লেও বঢ়াই কোৱা নহয়৷
ৰজাঘৰীয়া একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰী কঠোৰ শাসনত অতীষ্ঠ হোৱা প্ৰজাৰ স্বাধীনতা ৰাজতন্ত্ৰৰ হাতৰ পৰা আহি ঐক্য-সংহতিৰ লাইখুটা স্বৰূপ নামঘৰৰ মদিয়াত থাপিলেহি৷ পাঠকৰ পৰা সূত্ৰধাৰলৈ, বায়ন-গায়নৰ পৰা নটুৱালৈকে, খনিকৰ-বাঢৈ়ৰ পৰা বাৰিক বৰালৈকে নির্বাচন পদ্ধতি আছিল গণতান্ত্ৰিক৷ অসমীয়া সমাজত সমতা স্থাপনৰ ক্ষেখত্ৰত গণতান্ত্ৰিক পদ্ধতি পূর্ণ প্ৰয়োগ নামঘৰৰ যোগেৰে হোৱাতো মন কৰিবলগীয়া কথা৷
অসমত গোঁসাই, মহন্ত, গোস্বামী, সন্ত-মহন্ত, ভকত, ল’ৰা-বুঢ়া, শিক্ষিপত-অশিক্ষিগত, স্ৰী-পুৰুষ, চহকী-দুখীয়া, ব্ৰাহ্মণ-চাণ্ডাল, খাটিখোৱা সকলোকে নামঘৰৰ অৱ্শ্যক৷ গতিকে নামঘৰৰ মাহাত্ম্য আৰু কিমান উচ্চ তাৰ বহুল ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ অর্থাৎ নিজ ধর্মীয় অনুষ্ঠানৰ মাহাত্ম্য নজনা মানুহ পৃথিৱীৰ কোনো ধর্মত নাই৷ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ মহাপুৰুষ দুজনাৰ বিশাল নৱবৈষ্ণৱ আন্দোলনৰ দুটি বিশেষ অনুষ্ঠান ‘সত্ৰ’ আৰু ‘নামঘৰ’ৰ গুৰুত্ব অসমৰ জাতীয় জীৱনত অসীম৷ মহাপুৰুষৰ অনবদ্য অৱদান এই দুই অনুষ্ঠানে অসমৰ সাংস্কৃতিক আৰু ধর্মীয় জীৱনত উজ্জল কৰি ৰাখিছে৷ ড০ মহেশ্বৰ নেওগৰ ভাষাত ‘সত্ৰ’ আৰু ‘নামঘৰ’ মহাপুৰুষৰ দুটি ডাঙৰ দান৷ অসমীয়া সমাজত নৈতিকতাৰে শুদ্ধ কৰা আৰু এক কৰা দুটি মহামন্ত্ৰ৷ সীমান্ত অঞ্চলৰ নক্তে জনজাতিৰ গাঁৱৰ পৰা কোচবিহাৰৰ ভেলা মধুপুৰলৈকে সকলো সত্ৰ আৰু নামঘৰে ‘কৰতোয়াং সমাৰভ্য সাবদ্দিক্কৰ বাসিনী’ অসমীয়া সংস্কৃতিৰ ধ্বজা উৰাব লাগিছে৷
“মধ‍ে্য পাদশিলা দক্ষিৰণে নামঘৰ৷
মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ৷৷”
ড০ বিৰিঞ্চি কুমাৰ বৰুৱায়ো নামঘৰক অশমীয়া জাতিৰ জাতীয় সংস্কৃতিৰ যাদুঘৰ বুলিছিল৷ নামঘৰতে তেৰাই অসমীয়া জাতীয় ৰংগালয়ৰ ভেঁটি বান্ধিলে৷ স্মর্তব্য যে অধ্যাপক তথা অসমীয়া সংস্কৃতিৰ এগৰাকী পুৰুধা ব্যক্তি ড০ নৰেন কলিতাদেৱৰ এটি প্ৰৱন্ধৰ পম খেদি উজনি আৰু নামনি অসমৰ নামঘৰৰ স্থাপত্যৰ চানেকী এটাৰ উল্লেখৰ প্ৰয়োজন অনুভৱ কৰিলো৷ “…পুৰণি অসমৰ নামঘৰ নির্মাণত দুটা চানেকী আছিল৷ তাৰে এটা মধ্য অসম অর্থাৎ নগাঁৱৰ পৰা উজনিলৈ আৰু আনটো নামনি অসমত প্ৰাধনকৈ বৰপেটাত কেন্দ্ৰ কৰি বর্তি আছিল৷ নামনি আৰু উজনি দুয়োটা চানেকীৰ ৰূপটোৰ সাদৃশ্য তিনিখন চালত দেখিবলৈ পোৱাৰ বাহিৰে নির্মাণ নীতিত মৌলিক পার্থক্য আছিল৷ কিন্তু নামতি অসমত নামঘৰৰ কাষতে সজা ভাজঘৰটো সেই অঞ্চলৰ নিজা বৈশিষ্ট্য, সেইটো উজনিত নাই৷ আনহাতে উজনিত নামঘৰ সজা হৈছিল সন্মুখত ডোলাকাৰ টুপ দি আৰু তেনে এটা টুপৰ ঐতিহ্য স্থানীয় পৰম্পৰাৰ পৰাই গ্ৰহণ কৰা হৈছে বুলি ক’ব পৰা যায়৷ ইয়াৰ উপৰিও নামনিৰ ভাঁজঘৰটোৰ আর্হিৰ বংগীয় মূলৰ হোৱাটো সম্ভৱ! এই ক্ষে ত্ৰত ৰাজমোহন নাথে ভাঁজঘৰৰ চানেকীটো অসমৰ থলুৱা বুলি ক’ব খুজিছে যদিও মায়াঙৰ শিলৰ ঘৰটোৰ বাহিৰে ইয়াৰ অন্য নিদর্শন পাবলৈ নাই৷ আহোম যুগত অর্দ্ধবৃত্তাকাৰ আওলা আদি সজা ইটাৰ ঘৰৰ চানেকীটো প্ৰকৃততে বংগীয় মূলৰ৷এইবোৰৰ নির্মাণৰ লগতভাটীৰ শালৰ পৰা অহা শিল্পীৰ জডি়ত আছিল৷ আৰু তেনে শিল্পীয়েই অসমৰ মাটিত ভাটীৰ চানেকীটো যোগ দিছিলহি৷
উজনিটেই হওক বা নামনিটেই হওক নামঘৰৰ আর্হিৰ মূলতে অসমৰ মানুহে বসবাস কৰা প্ৰজা ঘৰটোৱেই আছিল৷ মুধচৰ ফালে প্ৰৱেশদ্বাৰ দিয়াৰ ৰীতি এনে পাঁজঘৰৰ বৈশিষ্ট্য৷ আনহাতে দুখন চালেৰে পঁজাঘৰ সজাটো এটা বৈশিষ্ট্য৷ ইয়াৰপৰা চানেকীটোলৈ তিনিখন চালিৰে ভৰলুৱা ঘৰ ৰূপে নামঘৰ সজা হৈছিল৷ জে‍্যাতিপ্ৰসাদৰ ভাষাত ৰৌপিক সৰলতা এই বিধ ঘৰৰ বৈষিষ্ট্য৷ এনে ঘৰৰ বিন্যাশ ৰৈখিক আৰু নন্দন তাত্বিক দৃষ্টি-ভংগীৰ ফালৰ পৰা ইয়াৰ ফর্ম মনোযোগ আকর্ষণ কৰিব পৰাকৈ সৰল৷ অর্থাৎ টেকনিকৰ ক্ষে ত্ৰত গম্বুজ আদি স্থাপত্যৰ বিভিন্ন অলংকৰণ বর্জিত৷ অতীজৰ কাঠ-বাঁহ, ইকৰা-খাগৰী, খেৰ আদিৰে নির্মিত নামঘৰ নিজেই এটা টাইপ আছিল৷ ঘৰটোৰ চানেকীটোৰ কাৰণে অসমৰ প্ৰজা ঘৰটোৰ দৰে তাত ব্যৱহাৰ কৰা সকলো নির্মাণ সামগ্ৰীয়েই স্থানীয়ভাৱে উপলব্ধ হৈছিল৷ এইবোৰকে গোটাই লৈ সজা নামঘৰটোৰ নিজা কর্ম হৈছে প্ৰজাঘৰ৷ টেকনিক, টাইপ, আৰু ফর্ম সকলো ফালৰ পৰাই তিনিচলিয়া নামঘৰৰ স্থাপত্য চানেকী অসমৰ স্থানীয়৷ নামঘৰৰ ভেঁটিত কর্মশক্তি আৰোপ কৰা হয়৷ ভগৱানে কুর্মৰূপ পৰিগ্ৰহ কৰিছিল৷ আৰু সেই সূত্ৰে কুর্মৰূপ ভগৱানৰেই প্ৰতীক৷ নামঘৰটো কুমৰূপত ভগৱানৰ প্ৰতীক৷ দ্বিতীয়তে, নামঘৰক কল্পতৰুৰ লগত তুলনা কৰা হয়৷ বৃক্ষৰ চানেকীটোৱে স্থাপত্যৰ চানেকী বুজোৱা নাই৷ সাধন মার্গত ফল লাভৰ ক্ষেতত্ৰত এই প্ৰতীকটো ব্যৱহাৰ কৰা হৈছে৷ কিন্তু ইয়াৰ লগত এটা বিশেষ তত্ব জডি়ত হৈ আছে৷ সেইটো হৈছে পুৰুষৰ থিয় ৰূপটো৷ পুৰুষ বুলি ইয়াক ঈশ্বৰক বুজোৱা হৈছে৷ থিয় ৰূপটোৱে মহাবিশ্ব বা ব্ৰহ্মাণ্ডৰ লগত নামঘৰৰ যোগসূত্ৰ ৰক্ষা কৰে৷ অন্যহাতে নামঘৰক অনন্ত শক্তিৰ ৰূপত কল্পনা কৰা হয়৷ ভগৱানে শয়ন কৰে অনন্ত শর্যাত৷ নামঘৰ ভগৱানৰ আবাসস্থল৷ অৱশেষত নামঘৰক পুৰুষ (ঈশ্বৰ) ৰূপত ভৱা হয়৷ এনেদৰে পুৰুষ ৰূপত ভৱাটো ভাৰতীয় মন্দিৰ স্থাপত্যৰ প্ৰধান বৈশিষ্ট্য বুলি ষ্টেলা ক্ৰেমবিমে তেওঁৰ ‘হিন্দু টেম্পল’ নামৰ গ্ৰন্থত আলোচনা কৰিছে৷ নামঘৰত পদত সেৱা কৰাৰ পৰা হৃদয় কমলত (‘আপুনি ঈশ্বৰ আছা হৃদয় কমলে’- অনাদি পাতন) আসন পতালৈকে ইয়াৰ সমগ্ৰ সত্ত্বাটো পুৰুষৰেই (ঈশ্বৰৰ) ৰূপ৷
সত্ৰ সমাজৰ নামঘৰ আৰু মণিকূটেই হৈছে প্ৰাণকেন্দ্ৰ স্বৰূপ৷ শিৰৰ মুকুট৷ শিষ্য ভকতে মণিকূটক শিৰত ধাৰণ কৰিয়েই নামঘৰত ধর্মানুষ্ঠান পালন কৰে, নামকীর্তন কৰে আৰু শৰণ-ভজন লয়৷ নামঘৰক ঠায়ে ঠায়ে ‘কীর্তনঘৰ’ বুলিও কয়৷ তৎস্বত্তেও বর্তমান সমাজৰ নৈতিক আৰু আধ্যাত্মিক স্খলন, বিচ্ছিন্নতাবাদ, সামাজিক অশান্তি আদি সমস্যাৰ দ্বাৰা জর্জৰিত সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত নামঘৰৰ দৰে পবিত্ৰ অনুষ্ঠান কার্যকলাপৰ পৰিধী বর্তমান তেনেই সীমিত হৈ পৰিছে৷ সেয়েহে বর্তমান যুৱচামৰ মাজত নামঘৰৰ গুৰুত্ব ক্ৰমান্নয়ে কমি অহা পৰিলক্ষিসত হৈছে৷ আধুনিকতাৰ পুষ্ট এই জটলি সমাজ ব্যৱস্থাৰ লগত খাপখুৱাকৈ এখন সমাজ গঢ় দিয়াৰ ক্ষেপত্ৰত উপযুক্ত ভূমিকা গ্ৰহণ কৰিব পাৰিলেহে আগন্তুক দিনবিলাকত এনে অনুষ্ঠানবিলাকে সমাজত বটবৃক্ষৰ দৰে ছাঁ বিলাব পাৰিব৷
 

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti