Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ


মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ

কাবেৰী গোস্বামী

পঞ্চম শ্ৰেণী, চাওখাট মজলীয়া বিদ্যালয়৷

     ইংৰাজী ১৪৮৯ চনত লেটেকু পুখুৰী নামে ঠাইত মহাপুৰুষ জনাৰ জন্ম হয়৷ তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা দেৱী৷ গোবিন্দগিৰীয়ে মাধৱদেৱক পঢ়াশলিয়া শি‍ক্ষাৰ বাবে বণ্ডুকালৈ লৈ যায় আৰু পঢ়া-শুনাৰ সুবিধা কৰি দিয়ে৷

     কুৰিবছৰীয়া মাধৱদেৱৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ হ'ল৷ ৰাজেন্দ্ৰ পণ্ডিতৰ অধীনত মাধৱেদৱৰ সংস্কৃতি ভাষাৰ ব্যাকৰণ বহুতো ধর্ম শাস্ত্ৰ, তর্কশাস্ত্ৰ, বেদ-বেদান্ত, দর্শন, ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু ভাগৱত আদি শাস্ত্ৰসমূহ অধ্যায়ন কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি পঢ়াশলীয়া জীৱন সমাপ্ত কৰে৷ মাধৱদেৱৰ মেধাৱী শক্তি দেখি গুৰু অতিশয় আনন্দিত হৈছিল৷ পঢ়াৰ শেষত মাধৱদেৱক পুনৰ ভঁৰালী ডুবিলৈ অহাৰ ব্যৱস্থা কৰি দিয়ে৷ নাঁৱৰ পৰাই ধনাই মুদৈয়ে মাধৱদেৱক চিনি পাই ক'লে তোমাৰ মাতৃৰ টান নৰিয়া অলপ খৰধৰকৈ গ'লেহে দেখা পাবা৷ মাধৱদেৱে ভাৱিলে পিতৃও চলিল, এতিয়া মাতৃকো নাপাম৷ এইবুলি ভাৱি মাকৰ আৰোগ্য কামনা কৰি, অহা দুর্গা পূজাত এহাল বগা পাঠা গোঁসানীলৈ উচর্গা কৰি অন্তৰেৰে সেৱা জনালে৷

     কিছুদিনৰ পিছত দুর্গা পূজাৰ সময়ত আহি পোৱাত বৈনায়েক ৰামদাসক এহাল বগা পাঠা আনিবলৈ দি মাধৱদেৱ বেপাৰলৈ গ'ল মাধৱদেৱৰ কথা শুনি ৰামদাস মহা বিমোৰত পৰিল৷ কিয়নো শঙ্কৰদেৱৰ একশৰণ ধর্ম গ্ৰহণ কৰি বিষ্ণুৰ বাহিৰে অন্য দেৱ-দেৱীলৈ অনিচ্ছা হৈ পৰিল৷

     ইতিমধ্যে বেপাৰৰ পৰা আহি ছাগিলীৰ কথা সোধাত একো উত্তৰ নিদিয়া দেখি মাধৱদেৱৰ খং উঠি ক'লে‍-

"নামত হোংকৰা

বুদ্ধিত পাগল,

বিহালে টকা দিলো

নানিলি ছাগল৷"

     এইদৰে দুয়োজনে বাক্-বিতণ্ডা কৰি পিছদিনা শংকৰদেৱৰ ওচৰলৈ যোৱা ঠিক কৰিলে৷ গুৰু শঙ্কৰদেৱৰ ওচৰ পোৱাত ৰামদাসে দণ্ডৱত প্ৰণাম কৰিলে৷মাধৱদেৱেও সংকোচ ভাৱে প্ৰণাম জনালে৷ শঙ্কৰদেৱৰ যুক্তিত মাধৱদেৱ নিমাত হ'ল আৰু শাক্তপন্থী মাধৱদেৱ শংকৰদেৱৰ ওচৰত এক শৰণ বৈষ্ণৱ ধর্ম গ্ৰহণ কৰিলে৷ দুইজন পণ্ডিৰ এই মহামিলনত 'মণিকাঞ্চন' মিলন বোলে৷

     মাধৱদেৱ পাছত গুৰুজনাৰ একান্ত সেৱক আৰু ধর্ম প্ৰচাৰ প্ৰধান সঙ্গী হৈ পৰিল৷ মাধৱদেৱে গুৰু সেৱা আৰু ভাগৱত চিন্তাকে জীৱনৰ মূল তথ্য হিচাপে যি মহান আদর্শ দিলে তাক মানৱ সমাজৰ এক অপূৰণীয় পন্থা হিচাপে পৰিগণিত হয়৷

     এসময়ত হাতী ধৰা সংক্ৰান্তিয় কাম এটাত ৰাজদোষত পৰি মাধৱদেৱ আৰু শঙ্কৰদেৱৰ জোঁৱায়েক হৰিজোঁৱাই মৃতু্দণ্ডৰে দণ্ডিতও হৈছিল৷ কেৱলীয়া ভকত বুলি মাধৱদেৱে মুক্তি লাভ কৰিলে৷ কিন্তু সংসাৰী হৰিজোঁৱাইক মৃতু্দণ্ড বিহিলে৷ কথাটোৱে মনত বৰ দুঃখ দিলে৷

     গড়গাঁৱৰ মেচাগড়ৰৰ পৰা অহাৰ পথত যোৰহাটৰ ওচৰৰ ঢেকীয়াখোৱা গাঁৱত থাকিবলগীয়া হোৱাত তাতে ১৪৫০ শকত এটি কীর্তন গৃহ স্থান কৰে৷ আৰু স্থানীয় ৰাইজক একশৰণ নামধর্মত শিৰোগত কৰাই মাধৱদেৱ পুনৰ মাজুলী ধুৱাহাট পাইহি৷

     মাধৱদেৱ আছিল অবিবাহিত৷ আজীৱন তেওঁ ব্ৰহ্মচর্য ব্ৰত পালন কৰিছিল৷ তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ সমূহ হ'ল- (১) আদি‍কাণ্ড ৰামায়ণ, (২) জন্ম ৰহস্য, (৩) নামঘোষা, (৪) ভক্তি ৰত্মাৱলী আদি৷ তেখেতৰ ৰচিত অর্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা আদি নাটক৷ তেখেতে বহুতো বৰগীতো ৰচনা কৰে৷ নামঘোষা তেখেতৰ সাহিত্য জীৱনৰ কৃর্তীস্তম্ভ স্বৰূপ৷

     এইজনা মহাপুৰুষে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি ১০৭ বছৰ বয়সত ১৫১৮ শকত কোচবিহাৰ ভেলামধুপুৰ থানত বৈকুণ্ঠগামী হয়৷

 

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti