Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 

বিশিষ্ট লোকৰ অভিমত
শ্ৰীশ্ৰীগোবিন্দ মহাপুৰুষ সুকুপাত স্থানীয় ৰাইজৰ আগ্ৰহাতিমার্য্য আকস্মিক সুযোগত ঢেকীয়াখোৱা বৰনামঘৰত দেখা পাই পৰম আপ্যায়িত হোৱা হ’ল আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰা হ’ল৷ ১৯ ভাদ্ৰ ১৮৮৬ শক৷
শ্ৰীশ্ৰীবিষ্ণু চন্দ্ৰ দেৱ,
আউনীআটি ডেকা সত্ৰাধিকাৰ৷
--------------------------------------------------------------------
এই পবিত্ৰ স্থানত উপস্থিত পাই বৰ আনন্দ পালোঁ৷
শ্ৰী বিমলা প্ৰসাদ চলিহা৷
মুখ্যমন্ত্ৰী, অসম ৯-৯-১৯৬৪
--------------------------------------------------------------------
আজি মই আৰু মোৰ পৰিবাৰ, এই নামঘৰত উপস্থিত থাকি দুয়ো বৰ আনন্দ পালোঁ৷ নামঘৰৰ যাত্ৰীৰ বাবে যি ঘৰ কৰিছে সেইটো স্থায়ী হোৱাৰ কামনা কৰোঁ৷ সেই বিষয়ে মোৰ দ্বাৰা কিবা সহায় কৰিব পৰাৰ সামর্থ থাকিলে, মই সহায় সহায় কৰিব পাৰিলে সচাকৈয়ে আনন্দ পাম, এই নামঘৰৰ অপূর্ব মহিমা৷
শ্ৰী মহেন্দ্ৰ মোহন চৌধুৰী,
চিলং,
বিধান সভাৰ অধ্যক্ষ, ২-৬-১৯৬৩
--------------------------------------------------------------------
ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি সেৱা এটি কৰিবলৈ পোৱাতো নিজৰে সৌভাগ্য বুলি ভাবিছো৷ এই বৰনামঘৰলৈ অহা যাত্ৰী সকলৰ আন্তৰিকপূর্ণ ভাৱধাৰা দেখি আনন্দ পাইছো৷ স্থানীয়া ৰাইজৰ ঐকান্তিক যত্ন, দাতা সকলৰ দান-বৰঙণি দেখি-শুনি সেইসকললৈ আমাৰ ধন্যবাদ জনালো৷
শ্ৰীশ্ৰীকৃষ্ণদেৱ গোস্বামী,
গড়মূৰ সত্ৰাধিকাৰ,
১৫-৯-১৯৭১
--------------------------------------------------------------------
ঢেকীয়াখোৱা বৰনামঘৰত শৰাই এখনি দিয়াৰ ও সেৱা এটি কৰাৰ প্ৰৱল ইচ্ছা আজি ভালেদিনৰ পৰাই কৰি আহিছিলো৷ আজি সেই ইচ্ছা ফলৱর্তী কৰিবলৈ পাই নিজকে ধন্য মানিছো৷ স্থানীয় ৰাইজ ও নামঘৰ কর্তৃত্বশীল লোকসকলৰ কর্তব্যনিষ্ঠা দেখি মই অত্যন্ত আনন্দিত হৈছো৷ ভৱিষ্যতে নামঘৰ ও ৰাইজৰ উন্নতি মানসেৰে মহাপুৰুষৰ চৰণত প্ৰার্থনা জনালো৷
শ্ৰীশ্ৰীবেঙেনাআটীয় ডেকা গোস্বামী, মাজুলী
২ জেঠ, ১৯৯৪ শক৷
--------------------------------------------------------------------
আজি মই সপৰিয়ালে ডাঃ বিপুল বৰুৱাৰ লগত এই স্বনামধন্য বৰনামঘৰত সেৱা কৰিবলৈ পাই আমি ধন্য মানিছো৷ ৰাইজৰ আর্শীবাদ শিৰত লৈ পৰমেশ্বৰক প্ৰার্থনা জনাও যেন এই নামঘৰটো সকলো ৰাইজৰে ঘৰত আনন্দৰ জুইৰ শিখাৰ দৰে উষ্মাৰ দ্বাৰা সুখ-শান্তিৰ বর্গত উত্তৰোত্তৰ বাঢি় উঠিব৷ এই জগদীশ্বৰৰ চৰণত কামনা আৰু আর্শীবাদ ভিক্ষা৷
শ্ৰী মথুৰানাথ ভট্টাচার্য
অধ্যক্ষ, অসম চিকিৎসা মহাবিদ্যালয়৷
১৭-৫-১৯৭২
--------------------------------------------------------------------
ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ নিমন্ত্ৰণ সৌজন্যত বৰনামঘৰ দর্শন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হ’লো৷ এই নামঘৰ প্ৰতিষ্ঠিত হোৱা ঐতিহ্য শুনিবলৈ পাই সেই অনুষ্ঠানৰ পবিত্ৰতা উপলব্ধি কৰি স-ভক্তিৰে শ্ৰদ্ধাঞ্জলি আগবঢে়াৱা হ’ল৷ এই অনুষ্ঠানৰ উত্তৰোত্তৰ কামনা কৰা হ’ল৷
শ্ৰীশ্ৰীহেমচন্দ্ৰদেৱ গোস্বামী
আউনীআটীয় সত্ৰাধিকাৰ
১১-১০-১৯৯৪
--------------------------------------------------------------------
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰৰ ছাঁ সদৃশ মহাপুৰুষ শ্ৰীমন্ত্ৰ মাধৱদেৱৰ দ্বাৰা সংস্থাপিত ঢেকীয়াখোৱা বৰনামঘৰৰ অতিথি বাহৰত দেওবাৰৰ পৰা বৃহস্পতিবাৰ পর্য্যন্ত বাস কৰা হ’ল৷ ইয়াৰ পৰিচালক মণ্ডলী আৰু ৰাইজসকলৰ সাদৰ সৌজন্য অকল্পনীয়৷ যেনেকুৱা মহাপুৰুষৰ প্ৰতিষ্ঠিত পুতঃ- পবিত্ৰ স্থান তেনেদৰে ৰাইজৰ ভাৱধাৰাও৷ মহাপুৰুষৰ এই পবিত্ৰ স্থানৰ কৃর্ত্তি চৌদিশে বিয়পি পৰক৷ জাতি-বর্ণ নির্বিশেষে সমস্ত সম্প্ৰদায়ৰ মাজত যাতে মহাপুৰুষ মহিমা বিস্তাৰ হয়, তাৰ বাবে তেৰাৰ চৰণত খাতিলো৷ শেষত মহাপুৰুষজনাৰ পবিত্ৰস্থানখনিৰ প্ৰতি ভক্তি পুষ্পাঞ্জলি দান কৰি আৰু স্থানখনিৰ পৰিচালক মণ্ডলীৰ শ্ৰী, যশ উত্তৰোত্তৰ বৃদ্ধি কামনা কৰা হ’ল৷
শ্ৰীশ্ৰীনাৰায়ণ চন্দ্ৰ গোস্বামী, সত্ৰাধিকাৰ
নতুন কমলাবাৰী সত্ৰ (মাজুলী)
১৩-১-১৯৭৫
--------------------------------------------------------------------
বৰনামঘৰলৈ আহি বিমল আনন্দ লাভ কৰিলো৷ নামঘৰ পৰিচালনা সমিতিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো৷
শ্ৰী শৰৎ চন্দ্ৰ সিংহ, মুখ্য মন্ত্ৰী, অসম
২৪-৩-১৯৭৪
--------------------------------------------------------------------
বৰনামঘৰৰ গুৰুত্ব তাৎপর্য অসমীয়া জাতিৰ কাৰণে সহজেই অনুমেয়৷ অসমীয়া সংস্কৃতি আরু জাতি গঠনত এই ধর্ম্ম মন্দিৰে অৱদান যোগাব বুলি আশা ৰাখিলো৷
শ্ৰী গোলোক ৰাজবংশী
উপাধ্যক্ষ, অসম বিধান সভা৷

------------------------------------------------------------------
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ অতি প্ৰিয় শিষ্য শ্ৰীশ্ৰীমাধৱদেৱ মহাপুৰুষ বাসস্থান ঢেকীয়াখোৱা বৰনামঘৰৰ মহিমা অতি ওখ৷ এই নামঘৰৰ উন্নতি একান্তভাৱে কামনা কৰিছো৷ সমিতিৰ সভ্য বৃন্দৰ কর্মত চেষ্টা দেখি আমি বৰ সন্তোষিত হ’লো৷
শ্ৰী ফটিকচন্দ্ৰ সত্ৰাধিকাৰ
মধুপুৰ ধাম, কোঁচবিহাৰ (পশ্চিমবঙ্গ)
১৮-৪-১৯৭৮
--------------------------------------------------------------------
আজি মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫০৩ তম্ জন্মোৎসৱৰ উপল‍েক্ষ ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি সমূহ ৰাইজৰ লগতে গুৰুজনালৈ সেৱা জনোৱাৰ সুযোগ পাই পৰম আনন্দ লাভ কৰিছো৷ বৰনামঘৰে যুগে যুগে অসমবাসীক ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিবলৈ সমর্থ হ’ব বুলি আশা কৰিলো৷
শ্ৰী গোলাপ বৰবৰা
১২-১০-৭৮
--------------------------------------------------------------------
ঢেকীয়াখোৱা নামঘৰলৈ আহি সেৱা এটি কৰিলো৷ কীর্তন ঘৰৰ পৰিৱেশ চাই খুব আনন্দ পালোঁ৷ ভৱিষ্যতে অহাৰ আশাৰে ৰাইজলৈ প্ৰণাম জনালোঁ৷
শ্ৰী সুৰেন্দ্ৰনাথ মেধি
আইন মন্ত্ৰী, অসম
--------------------------------------------------------------------
নামঘৰৰ পৰিৱেশটো বৰ ভাল লাগিল৷ আশাকৰো ভৱিষ্যতে এই আধ্যাত্মিক পৰিৱেশ সমগ্ৰজাতিটোকে বিশ্ব মানচিত্ৰত এটি বিশেষস্থান দিবলৈ সক্ষম হ’ব৷ গুৰুজনাৰ প্ৰতি কোটি কোটি প্ৰণাম জনালোঁ৷
শ্ৰী সর্বানন্দ সোণোৱাল, বিধায়ক

------------------------------------------------------------------
২৩-৭-৮৬ তাং আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি ৰভাঘৰৰ আধাৰ শিলা স্থাপন কৰা সভাত উপস্থিত থাকি সভাৰ কার্য শেষ কৰা হয়৷ সমূহ ৰাইজৰ নিমন্ত্ৰণ ক্ৰমে আহি ৰাইজৰ সাদৰ-সম্ভাষণ যথেষ্ট পোৱা হ’ল৷ মহাপুৰুষ মাধৱদেৱৰ বৃহৎ অনুষ্ঠানটিৰ বিশেষত্ব আছে৷ এই অনুষ্ঠানটিৰ প্ৰতি যাতে আমাৰো সদায় শ্ৰদ্ধা-ভক্তি থাকে আমিও গুৰুজনাৰ ওচৰত আশা কৰো৷
ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিলোঁ৷ এইয়ে আমাৰ ভৰসা৷

ইতি
শ্ৰীশ্ৰী কমলাবাৰী সত্ৰাধিকাৰ গোস্বামী
শ্ৰী কমলাবাৰী সত্ৰ, তিতাবৰ
যোৰহাট, অসম
--------------------------------------------------------------------
শ্ৰীশ্ৰীগোপালঃ
আজি ২৬ ব’হাগ, ১৯০৬ শক তাৰিখে আমি ঢেকীয়াখোৱা থান ধেকি-শুনি এটি সন্তোষ পোৱা হ’ল আৰু এই থানৰ সর্বাঙ্গীন উন্নতি কামনা হ’ল৷ প্ৰভু গোপালে ঢেকীয়াখোৱাৰ সমূহ ৰাইজক মঙ্গলে ৰাখক৷

কিমাধিকমিতি-
শ্ৰীশ্ৰীগড়মূৰীয়া গোস্বামী
২৬ ব’হাগ, ১৯০৯ শক
--------------------------------------------------------------------
৷ ৷ জয় গুৰু শঙ্কৰ ৷ ৷
মহাপুৰুষ মাধৱদেৱ স্থান ঢেকীয়াখোৱা বৰনামঘৰত প্ৰণাম জনোৱাৰ মানসেৰে আহি নামঘৰৰ সমূহ ৰাইজৰ লগত দেখা-সাক্ষাৎ কৰি আনন্দিত৷
আজি পৰা ১১ বছৰৰ পূর্বে বৰনামঘৰতে আজি নিজেই গুৰুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰদর্শন কৰিবলৈ আহিছিলো৷ আজি নামঘৰৰ উন্নতি দেখি গুৰুজনাৰ ওছৰত, নামঘৰৰ অধিক উন্নতি হৈ বিশ্বৰ মাজত এক আদৰৰ অনুষ্ঠান হওক- ইয়াকে গুৰুজনাৰ ওচৰত প্ৰার্থনা জনালোঁ৷

ইতি
শ্ৰীশ্ৰীবিজয় গোস্বামী
ডেকা সত্ৰাধিকাৰ
নতুন কমলাবাৰী
৪-১০-৮৫
--------------------------------------------------------------------
...আজি ৪-৩০ বজাত প্ৰথমবাৰৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰৰ পর্দাপণ কৰিলো৷ সুন্দৰ পৰিৱেশ৷ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা এই নামঘৰটি অসমীয়া জাতিৰ যে অমূল্য সম্পদ তাক আজি নিজ চকুৰে দেখিলো৷ এই নৱনির্মিত নামঘৰটিৰ এটি লাই খুটা ইছলামধর্মী লোক ইমদাদ আলি বৰাই (নাজিৰা) দান দিয়া বুলি শুনি বৰ সন্তোষ পালো৷ আজি এই ঐতিহ্যময় নামঘৰটিত শ্ৰী দিবাকৰ গোস্বামী, শ্ৰী গোলোক দত্ত, শ্ৰী পদ্ম নেওগ, শ্ৰী বিৰেন মলীয়া বৰুৱা, শ্ৰী প্ৰবীন কলিতা, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী কাশীনাথ শইকীয়া, শ্ৰী ফুল বৰা আদিক লগত পাই, এই অঞ্চলৰ বোকাযাত্ৰা আৰু অন্যান্য ঐতিহ্যৰ কথা পাতি অনেক নতুন তথ্য সংগ্ৰহ কৰিলো৷
ঢেকীয়াখোৱা বৰনামঘৰে ধর্মনিৰপেক্ষ দৃষ্টিৰে যি ঐতিহ্য বজাই ৰাখিছে, তাৰ বাবে আমি গৌৰৱাম্বিত৷ এই নামঘৰৰ ভাওনাত ৰাইজৰ সৈতে ভাও লোৱাৰ প্ৰৱল ইচ্ছা মনত মাজত কঢি়য়াই ফুৰিছোঁ৷

শ্ৰদ্ধাৰে ইছমাইল হুছেইন
৭ জুন, ২০০৮
--------------------------------------------------------------------
বৰনামঘৰৰ পবিত্ৰ মণিকুটত সেৱা কৰিবলৈ পাই আনন্দিত হৈ পৰিছো৷ এটা সুন্দৰ ৰাতিপুৱাত নামঘৰৰ পবিত্ৰ আৰু সুন্দৰ পৰিৱেশত মনলৈ ভক্তিৰ ভাৱ এনেয়ে উদয় হয়৷ কর্মকর্তাসকলৰ অতিথি পৰায়ণতাত মুগ্ধ হৈছোঁ৷ নামঘৰৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো আৰু লগতে মন্দিৰলৈ অহা বাটটোৰ উন্নতি চৰকাৰে কৰিব বুলি আশা কৰিলো৷
শ্ৰী মুকুণ্ডকাম শর্মা৷
ন্যায়াধীশ, উচ্চতম ন্যায়ালয়
নতুন দিল্লী
৯-৬-২০০৯
--------------------------------------------------------------------
মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত পুতপুণ্যস্থান শ্ৰীশ্ৰীঢেকীয়াখোৱা বৰনামঘৰে বৈকুন্ঠৰ আর্হিৰে জীৱ তৰণৰ চেষ্টাত ব্ৰতী হোৱাত কৃতকৃত্য হৈছো৷ নৱপ্ৰজন্মক আপ্লুত কৰাৰ প্ৰয়াস সুদূৰ প্ৰসাৰী হওক৷ বৈষ্ণৱ ধর্মৰ শঙ্খধনিত জগত পোহৰ হওক৷
সেৱাৰে
শ্ৰী হেমচন্দ্ৰ গোস্বামী
সভাপতি,
শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান, লেতেকুপুখুৰী
১১-৮-২০১১
--------------------------------------------------------------------
মই ১৯৯৮ চনত প্ৰথমবাৰৰ কাৰণে এই পূণ্যপীঠ ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছিলো৷ মাজতে কেইবাবাৰো আহিছিলো যদিও, এইবাৰ ইয়ালৈ আহি বৰনামঘৰৰ অভূতপূর্ব উন্নতি দেখি মুগ্ধ হ’লো৷ ভকত বৃন্দৰ লগতো ভাৱৰ আদান-প্ৰদান কৰিবলৈ সুযোগ পালোঁ৷ এই দর্শনৰ পবিত্ৰ স্মৃতি মোৰ মনত চিৰ-সদৃশ হৈ থাকিব৷ বৰনামঘৰৰ উত্তৰোত্তৰ উন্নতি হওখ আৰু অসমৰ বৈষ্ণৱ ধর্মৰ মহাবাণী জগতত প্ৰচাৰিত হওক৷ ইয়াকে কামনা কৰিলো আৰু ইয়ালৈ বহুতবাৰ অহাৰ সংকল্প কৰিলো৷
শ্ৰী হোমেন বৰগোহাঞি
১৭-৬-২০১২

--------------------------------------------------------------------
ঢেকীয়াখোৱা বৰনামঘৰলৈ আজি শ্ৰীশ্ৰীমাধৱদেৱৰ তিথিৰ দিনা আহি আর্শীবাদ লোৱাত সৌভাগ্যবান বুলি ভাৱিছো৷ এই বৰনামঘৰে অসমৰ কলা, কৃষ্টি, নাট, অভিনয় আৰু শিল্পৰ ক্ষেবত্ৰত যি অৱদান আগবঢ়াইছে তাক অসমৰ সকলোৱে স্বীকাৰ কৰিছে৷ এই বাৰনামঘৰ আজি কেইটা বছৰৰ ভিতৰত বিভিন্ন আঁচনি লোৱাৰ ফলত বহুখিনি উন্নত হোৱাতো দেখা পাই মই বৰ সুখী হৈছো৷ বাকীথকা কামবোৰ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা পৰচিালনা সমিতিক মই ধন্যবাদ জনাইছো৷বৰনামঘৰৰ সর্বতোপ্ৰকাৰ উন্নতি কামনা কৰিছো
শ্ৰী তৰুণ গগৈ
মুখ্য মন্ত্ৰী, অসম
৫-৯-১২
--------------------------------------------------------------------
 

Read More Testimonials in English

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti